পৃষ্ঠা:চিন্তা-কলি.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
চিন্তা-কলি

বহ্নিৰ তাপ শীতল কৰিবলৈ শিকায়। ইহঁতে সংসাৰৰ আলৈ-আহুকাল বা জীৱনৰ আপদ আপালি একোলৈকে কাণ নকৰে। ইহঁত এবিধ গূঢ় মন্ত্ৰৰ গৰাকী, সেই মহামন্ত্ৰ প্ৰয়োগ কৰি সিহঁতে সাংসাৰিক শঙ্কা, দুশ্চিন্তা, দুৰ্ভাবনা আদি বেজাৰৰ হেতুবোৰ বিনাশ কৰে। ইহঁতৰ নিজৰ মন সদায় উৎসৱময়. আৰু সৎসৰ্গবাসীৰ মনকো উৎসৱময় কৰে।

 এই দুই শ্ৰেণী মানুহৰ ভিতৰত প্ৰথম শ্ৰেণীৰবিলাক অধম আৰু শেষৰ শ্ৰেণীৰবিলাক উত্তম। প্ৰথম শ্ৰেণীৰবিলাকে সংসাৰৰ তত্ব নুবুজি, তাৰ কেৱল দুখখিনি সংগ্ৰহ কৰে, কিন্তু শেষৰ শ্ৰেণীৰবিলাকে সংসাৰৰ আচল মৰ্ম্ম পৰিগ্ৰহ কৰি, সুখখিনি সংগ্ৰহ কৰে। সুখগ্ৰাহীবিলাকে নিজৰ জ্ঞান বুদ্ধিৰ চিনাকি দিয়ে, দুখগ্ৰাহীবিলাকে দুৰ্ঘোৰ মূঢ়তাৰ চিনাকি দিয়ে। সুখগ্ৰাহীবিলাকে সংসাৰৰ মঙ্গল অৰুণ, দুখগ্ৰাহীবিলাক অমঙ্গলৰ ডাৱৰ। বেজাৰ এটা দুৰৱস্থাৰ চিন, দুৰৱস্থা আঁতৰ হলে, বেজাৰো লয় হয়। কিন্তু দুখগ্ৰাহী ডাৱৰীয়া মনৰ বেজাৰ দুৰৱস্থাৰ চিন নহয়। তেনেকুৱা মনত ডাৱৰ উদয় হবলৈ কোনো দুৰৱস্থা বা দুৰ্ঘটনাৰ আলম নালাগে তাত ডাৱৰ আপোনা-আপুনি উদয় হয়। সিহঁত মৌ-পোকতকৈও অধম। মৌৱে দুৰ্গম কাঁইটনীত প্ৰবেশ কৰি কাঁইটৰ থোপাৰ মাজত, কাঁইটীয়া বেটুত ফুলি থকা ফুলৰ পৰা অমৃতময় মধু সংগ্ৰহ কৰে, কিন্তু সিহঁতে মনুষ্য হৈও সংসাৰৰ কাঁইটনি জয় কৰি তাৰ সুখ-মধু গ্ৰহণ কৰিব