চিন্তা-কলি/মানৱ মহত্ত্ব

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

মানৱ মহত্ত্ব

[ ১৫ ]
মানৱ মহত্ত্ব।

নুষ্য মৰণশীল। কিন্তু কেজনমানে মৰণক জয় কৰি অমৰত্ব লাভ কৰিছে। মৃত্যুৰ সংহাৰিণী শক্তিয়ে তেওঁ লোকক পৃথিবীৰপৰা নিৰ্ম্মূল কৰিব পৰা নাই। তেওঁলোক অদ্যাপি মনুষ্য-সমাজৰ ধৰণি-শিলা, আৰু আন্ধাৰ জগতৰ-ধ্ৰুৱ- তৰা স্বৰূপে বিদ্যমান আছে। তেওঁলোকৰ শৰীৰ পতন হৈছে সঁচা, কিন্তু নাম, যুগমীয়া কীৰ্ত্তিৰ যহত যুগ-যুগান্তলৈকে পৰি থাকিব। তেওঁলোকৰ জ্ঞানৰ তেজোময় ৰশ্মিয়ে অলেখ আন্ধাৰ হৃদয় ফৰকাল কৰিছে, অনেক অন্ধলাক চকু দান দিছে। তেওঁলোকৰ মহিমাই, তেওঁলোকৰ ক্ষমতাই জগতবাসীৰ হৃদয় অধিকাৰ কৰিছে, তেওঁলোকৰ মুখৰ বচন জগতবাসীৰ মুখৰ বচন হৈছে, তেওঁলোকৰ মনৰ চিন্তা জগতবাসীৰ মনৰ চিন্তা হৈছে। মানুহে এই সংসাৰ সাগৰৰ চাকনৈয়াত পৰি উৱাদিহ হেৰুৱালে, সেই মহাপুৰুষ কেইজনে হাতত বন্তি লৈ সিহঁতক গন্তব্য ঠাইলৈ বাট দেখুৱাই নিয়ে। এই কেইজন লোক জগতত মহৎ লোক বুলি প্ৰখ্যাত। এওঁলোক মানৱ মহত্ত্বৰ উচ্চতম আৰ্হি। এই আৰ্হিৰ মহত্ত্ব অতিশয় দুৰ্লভ, সকলোৱে ইয়াৰ গৰাকী হব নোৱাৰে। ই যেনে জগতৰ ভিতৰত উচ্চতম পদ, ইয়াক লাভ কৰাও তেনে গুৰুতৰ কাম। উৎকট যত্ন, উৎকট প্ৰয়াস প্ৰয়োগ কৰিহে দুই চাৰি জনে [ ১৬ ] এনেকুৱা মহত্ত্ব আয়ত্ত্ব কৰে। এই নিমিত্তে মহৎলোকৰ সংখ্যা পৃথিবীত ইমান কম। আদিৰ পৰা আজিলৈকে লেখ কৰিলে মহৎ লোকৰ সংখ্যাই এযোৰ আঙ্গুলি পাৰ নহয়। ধন বা বিদ্যাৰে মহত্ত্ব কিনিব নোৱাৰি। পৃথিবীত অৰ্ব্বুদ ধনৰ অধিকাৰী বহুত আছে, কিন্তু তেওঁলোকৰ এজনো জগতত মহৎ বুলি খ্যাত হব পৰা নাই। সেইদৰে বিদ্যাৱন্তৰ সংখ্যাও পৃথিবীত অলপ নহয়, কিন্তু তেওঁলোকেও বিদ্যাৰ বলত মহত্ত্ব পদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। নামজ্বলা মহাপুৰুষ কেইজনৰ জীৱনীলৈ চকু কৰিলেও দেখা যায় যে, তেওঁলোকে ধন বা বিদ্যা বা ক্ষমতা আদি আহিলাৰ উপযোগত মহত্ত্ব পদ লাভ কৰা নাছিল। কাৰণ তেওঁলোকৰ এজনো উজ্জ্বল পণ্ডিত বা প্ৰৱল ধনী নাছিল। মহত্ত্ব এটা আপুৰুগীয়া বিভূতি, ই অতিশয় দুৰ্গম ঠাইত স্থাপিত হৈছে। মহামূল্য ৰত্নবোৰ ভয়ঙ্কৰ সমুদ্ৰৰ গৰ্ভতহে নিহিত আছে। ধনশ্ৰেষ্ঠ মণি কালান্তক ফণীন্দ্ৰৰ ফণাতহে স্থাপিত হৈছে। সেই মণি বা ধন লাভ কৰিবলৈ কঠোৰ যত্ন, কঠোৰ তপস্যাৰ প্ৰয়োজন হয়।

 মহৎ লোকবিলাকৰ জীৱন বৃত্তান্তলৈ মন কৰিলে এই উপলব্ধি হয় যে, তেওঁলোকৰ হৃদয় আৰ্চিৰ নিচিনা নিৰ্ম্মল আছিল। কাম, ক্ৰোধ, লোভ, মোহ আদি কুবৃত্তিৰ কলঙ্কই তাত ঠাই নাপাইছিল। জ্ঞান-গঙ্গাৰ পবিত্ৰ জলেৰে কুবৃত্তিৰ মলি পখালি তেওঁলোকে আপোন আপোন হৃদ্‌মন্দিৰ সদায় [ ১৭ ] নিকা কৰি ৰাখিছিল, আৰু দয়া, সত্যবাদিতা,ন্যায়পৰায়ণতা আদি সদ্‌গুণ পোষণ, কৰ্ষণ কৰি মনোৰাজ্যত সিহঁতৰ একাধিপত্য স্থাপন কৰিছিল। সদ্‌গুণৰ পৰাক্ৰমত সদ্‌গুণৰ শাসনত সংসাৰ-সুলভ প্ৰলোভনৰাশিয়ে তেওঁলোকক টলাব নোৱাৰি- ছিল। মুঠকৰি কব লাগিলে, তেওঁলোকে বিশেষ প্ৰয়াসেৰে পৃথিবীত স্বৰ্গৰাজ্য বিস্তাৰ কৰি নিজে তাৰ দেৱতা স্বৰূপে বাস কৰিছিল।

 সত্যবাদিতা মহৎ লোকবিলাকৰ সংসাৰ বিচৰণৰ পথ। এই পথ অৱলম্বন কৰি তেওঁলোকে মহত্ত্বৰ মন্দিৰত উপনীত হয়। মহৎলোকে সত্যৰ বাজে আন কথা নাজানে, সত্যৰ বাজে তেওঁলোকৰ একোলৈ ধাউতি নাই। সত্য ৰক্ষাৰ নিমিত্তে মহৎলোকে অশেষ ক্লেশ ভুঞ্জিবলৈ সাজু হয়। তেওঁলোকৰ মনত সংসাৰৰ বৈভৱ তুচ্ছ, আপোন পৰিয়াল তুচ্ছ, আপোন জীৱন তুচ্ছ, কেৱল সত্যই ঘাই, সত্যই প্ৰধান। সত্যই তেওঁলোকৰ ধ্যান, সত্যই তেওঁলোকৰ জ্ঞান। সত্য ৰক্ষাৰ নিমিত্তে অগ্নিশিখাত দেহ বিসৰ্জ্জন দিয়া দৃষ্টান্তৰ অভাৱ নাই। সত্য ৰক্ষাৰ নিমিত্তে পুত্ৰ কন্যা আদি প্ৰিয় জনক অক্লেশে পৰিহাৰ কৰি অৰণ্যবাসী হোৱা দৃষ্টান্তৰ অভাৱ নাই। সত্য ৰক্ষাৰ নিমিত্তে ৰাজসিংহাসনৰ আশাত জলাঞ্জলি দি দেশান্তৰী হোৱা দৃষ্টান্তৰো অভাৱ নাই। এনেকুৱা কঠোৰ যত্নেৰে সত্যৰ পথ অনুসৰণ কৰিহে অৱশেষত মহৎলোকে মহত্ত্ব লাভ কৰে।
[ ১৮ ]  ন্যায়ৰ জ্ঞান মহত্ত্বৰ এটা উপকৰণ। সত্য যেনে মহত্ত্বৰ পথ, ন্যায়-জ্ঞান তেনে হাতৰ লাখুটি। ইয়াৰ সহায় নহলে সত্যৰ পথত কেও আগুৱাব নোৱাৰে। সত্যৰ পথ সৰল বা মসৃণ নহয়, তাত হুল জোং, পাক চক্ৰ অনেক আছে। ন্যায়ৰ জ্ঞানেৰে সেই বাধাবিলাক বাছি যাব পৰা যায়। ন্যায় অন্যায়ৰ বোধ নাথাকিলে কেৱল সত্যবাদী হলেই মহত্ত্ব লাভ কৰিব নোৱাৰি। যি লোক ন্যায় জ্ঞানত বঞ্চিত, সি উচিত অনুচিত বুজিবলৈকো অক্ষম। কাৰ্য্যৰ কালাকালৰ, আৰু ব্যৱহাৰৰ পাত্ৰাপাত্ৰৰ জ্ঞান মহত্ত্ব-লিপ্সূৰ পক্ষে অতিশয় প্ৰয়োজনীয়। কোন সময়ত কোন কাম কৰা উচিত, কাৰ লগত কেনে ব্যৱহাৰ কৰা উচিত, ইয়াক যি মানুহে স্থিৰ কৰিব নোৱাৰে, সি আনৰ হিত কৰিবলৈ গৈও অহিত কৰাৰ আটক নাই, আনক তুষ্ট কৰিবলৈ গৈও ৰুষ্ট কৰাৰ আটক নাই। ন্যায় অন্যায়ৰ নিশ্চিত নিঃসন্দেহ অবগতি নাথাকিলে অন্যায় কৰ্ম্মকো ন্যায় বুজি কৰিব পাৰে। এইদৰে চলিলে তাক কেও মহত বুলি মান্য নকৰে বৰং অধম বুলি ঘিণায়। উচিত অনুচিত বোধ নথকাৰ বাবে অনেকে সৰল ভাৱে চলিও লাঞ্ছনা ভুঞ্জিবলৈ পায়। ন্যায় অন্যায়ৰ সম্পূৰ্ণ বোধ লাভ কৰা নিচেই উজু নহয়। যুক্তিৰ জাল মেলি গৰ্হিত কথাকো ভাল প্ৰমাণ কৰিব পৰা যায় আৰু যথাৰ্থ ভাল কথাকো গৰ্হিত বুলি প্ৰমাণ কৰিব পৰা যায়। শঠ আৰু বিপৰ্য্যয় যুক্তিৰ বলত সঁচা মিছা হয়, আৰু মিছাও সঁচা হয়। [ ১৯ ] সচৰাচৰ দেখা যায় যে, এটা কথাকে এক শ্ৰেণীৰ মানুহে উচিত বুলি শলাগে, আৰু আন এক শ্ৰেণীৰ মানুহে অনুচিত বুলি পৰিহাৰ কৰে। বাল্য-বিবাহ, স্ত্ৰী-শিক্ষা ইত্যাদি বিষয়ত দুই পক্ষৰ দুই মত দেখা যায়, আৰু প্ৰত্যেক মতৰ সপক্ষে অসংখ্য যুক্তি আছে। এজন মাজৰ মানুহৰ পক্ষে এই দুই মতৰ কোনটো যথাৰ্থ ন্যায়সঙ্গত তাক বাছি তোলা দুষ্কৰ হয়। অন্যান্য সাধাৰণ নিত্যনৈমিত্তিক কাৰ্য্যতো এনেকুৱা বিমোৰ বিভোল কৰা সমস্যা বহুত উপস্থিত হয়। তেতিয়া তাৰ ভিতৰৰপৰা যথাৰ্থ কথা বাছি লবলৈ সমৰ্থ নহলে জগতত মহৎ বোলাব নোৱাৰি। পূৰ্ব্বে কোৱা হৈছে যে মহৎ লোকৰ মুখৰ বচন জগতবাসীৰ মুখৰ বচন হয়। এনে স্থলত মহৎলোকৰ মত যথাৰ্থ, অকাট্য আৰু অপৰিবৰ্ত্তনীয় নহলে জগতবাসীৰ গুৰুতৰ অনিষ্ট হয়।

 মহত্ত্বৰ তৃতীয় উপকৰণ দয়া, আৰু দয়াৰ কৰ্ম্ম পৰোপকাৰ। কিন্তু সকলো বিধৰ পৰোপকাৰ মহত্ত্বৰ চিনাকি নহয়। জীৱনৰ ভিতৰত আনৰ উপকাৰ নকৰা লোক পৃথিবীত নাই। যি অধমতো অধম সিও এদিন এটা পৰোপকাৰ কৰিছে। কিন্তু আটাইবিলাক লোকে জন সমাজত মহৎ খ্যাতি লাভ কৰা নাই। আৰু পৃখিবীত যিবিলাক ধনশালী মানুহ আছে, তেওঁলোকেও অনেক সময়ত অনেক প্ৰকাৰে পৰৰ উপকাৰ কৰিছে। কোনোৱে ভুকীয়াৰ ভোক নিবাৰণৰ নিমিত্তে অন্নদান কৰিছে, কোনোৱে দৰিদ্ৰৰ দাৰিদ্ৰ হৰণৰ নিমিত্তে [ ২০ ] চিৰকলীয়া বৃত্তি দান কৰিছে, কোনোৱে মূৰ্খৰ মূৰ্খতা নাশনৰ নিমিত্তে পঢ়াশালি পাতিছে, আৰু কোনোৱে বা ৰুগীয়াৰ জীয়াতু কমাবলৈ চিকিৎসালয় স্থাপন কৰিছে; কিন্তু ইমান কৰিও তেওঁলোক জগতত মহৎ বুলি খ্যাত হব পৰা নাই, মহৎ বুলি মানৱ মণ্ডলীৰ পূজা অৰ্চ্চনা পোৱা নাই। আচল মহৎ লোকৰ দয়া অন্য ৰকম, আচল মহৎ লোকৰ পৰোপকাৰ অন্য ৰকম। মহৎলোকে পৰোপকাৰ ব্ৰতস্বৰূপে অনুষ্ঠান কৰে। পৰোপকাৰ তেওঁলোকৰ জীৱনৰ উদ্দেশ্য। কেৱল পৰৰ উপকাৰ সাধনৰ নিমিত্তে তেওঁলোকে জীৱন ধৰে। নিজৰ সুখ দুখ, ইষ্ট অনিষ্ট, সুচল অসুচল তেওঁলোকৰ বিবেচনাৰ বস্তু নহয়। নিজৰ প্ৰাণ অনাহাৰত গলেও তেওঁলোকে আনৰ প্ৰাণ ৰক্ষাত তৎপৰ, নিজে দাৰিদ্ৰ্যৰ নিকাৰ ইতিকিং কৰি আনৰ দাৰিদ্ৰ্য হৰণত ব্যস্ত। মহৎ লোকৰ মন ডাঙ্গৰ, হৃদয় ডাঙ্গৰ। তাত ক্ষুদ্ৰ মানৱী ইচ্ছা বাঞ্ছাই স্থান নাপায়, নিন্দা বা প্ৰশংসাই তাক টলাব বা বিকৃত কৰিব নোৱাৰে। আৰু, মানুহৰ ইচ্ছা বাঞ্ছা নানা দিশে যায়। কিন্তু মহৎ লোকৰ ইচ্ছা বাঞ্ছাৰ দিশ এটা, দ্বিতীয় নাই। তেওঁলোকৰ ইচ্ছা, বাঞ্ছা, কামনা, অভিপ্ৰায় সকলো কেৱল পৰোপকাৰৰ মুখে বয়। পৰোপকাৰ তেওঁলোকৰ জীৱনৰ ওভতনি, পৰোপকাৰ তেওঁলোকৰ কাৰ্য্যৰ কেন্দ্ৰ, পৰোপকাৰ তেওঁলোকৰ আনন্দ আৰু শান্তি, পৰোপকাৰ তেওঁলোকৰ জীৱনৰ ৰাগী। মহৎ লোকৰ পক্ষে [ ২১ ] সমস্ত জগতবাসী ঘৰৰ পৰিয়াল, সমস্ত জগতবাসী দয়াৰ পাত্ৰ। তেওঁলোকৰ আগত দুষ্ট সন্তৰ ভেদাভেদ নাই। তেওঁলোকে দুষ্টক দুৰ্ব্বল বুলি পুতৌ কৰে, আৰু সন্তক গুণৱন্ত বুলি মৰম কৰে। তেওঁলোকৰ দয়া জগত ব্যাপী। তাৰ ভিতৰত মনুষ্য, পশু, পক্ষী, কীট, পতঙ্গ আদি সকলো প্ৰাণী পৰে। মহৎ লোকৰ দয়া উৎকট্, অৰ্থাৎ সাধাৰণ মানুহে যি স্থলত ক্ৰোধ কৰে, সেই স্থলত মহৎলোকে দয়া কৰে। প্ৰহাৰ বা অপমান কৰিলে সকলোৰে ক্ৰোধ হয়, কিন্তু মহৎ লোকৰ দয়াহে জন্মে। সাধাৰণে বৈৰীৰ প্ৰতি বৈৰিতাচৰণ কৰে, কিন্তু মহৎলোকে বৈৰীৰ দোষ মৰ্ষণ কৰি তাক বিপদত সহায় কৰে। এখন গালত মাৰিলে যে সিখন গাল পাতি দিব লাগে, ইও এজন মহৎ লোকৰ উপদেশ।