পৃষ্ঠা:চিন্তা-কলি.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২
চিন্তা-কলি৷


দুৰ্জ্জয় অস্ত্ৰ, ই মনৰ ডাৱৰ খণ্ড খণ্ড কৰি তাত আনন্দৰ জেউতি ঢালে। কৰ্ত্তব্য-পালন বিশ্ব-ব্ৰহ্মাণ্ডৰ মেৰুদণ্ড, ইয়াক আশ্ৰয় কৰি এই বিৰাট বিশ্ব অনন্তকাল চলিব লাগিছে, এক পলক ইয়াৰ অভাৱ ঘটিলে তৎক্ষণাৎ বিশ্বত প্ৰলয় মিলিব। বিশ্ব এটা প্ৰকাণ্ড যন্ত্ৰ বিশেষ, আৰু তাৰ বস্তু বিলাক সেই যন্ত্ৰৰ একোটা অঙ্গ। প্ৰত্যেক অঙ্গই নিজ নিজ কৰ্ম্ম কৰি থাকে মানে বিশ্ব সুকলমে চলি থাকিব, কিন্তু এটা অঙ্গই তাৰ ভাগত ত্ৰুটী কৰিলে সেই মুহূৰ্ত্ততে লয় হব। বিশ্বৰ গৰাকীয়ে আদিতে বিশ্বৰ প্ৰত্যেক বস্তুকে একোটা বিশেষ বিশেষ কৰ্ম্মত নিয়োজিত কৰিছে। যি অঙ্গ যি কৰ্ম্মত নিয়োজিত হৈছে, সেয়েই সেই অঙ্গৰ কৰ্ত্তব্য কৰ্ম্ম। চন্দ্ৰ, সূৰ্য্য, গ্ৰহ, নক্ষত্ৰ, মেঘ, বায়ু, জল, অগ্নি আদি সকলোবোৰ বিশ্ব-যন্ত্ৰৰ অঙ্গ। সিহঁতৰ প্ৰত্যেকৰেই একোটা বিশেষ কৰ্ম্ম আছে, আৰু সেই কৰ্ম্ম সিহঁতে অকপটে কৰিব লাগিছে। সিহঁতৰ যুটীয়া কৰ্ম্মৰ গুণতহে বিশ্ব তিষ্ঠিবলৈ সক্ষম হৈছে। সিহঁতে যদি এক মুহূৰ্ত্তলৈ কৰ্ত্তব্য অৱহেলা কৰে, তেনেহলে এই বিনন্দীয়া বিশ্ব একেতিলে ছাঁ-বাজীৰ ছাঁৰ নিচিনা অন্তৰ্দ্ধান হব। তেতিয়া এই গভীৰ সাগৰ, শুৱনী নদী, আৰু ৰূপহী কানন নাথাকিব, তেতিয়া কবিৰ কল্পনা উদগাবলৈ বননিত মনোৰম ফুল নাথাকিব, বৈজ্ঞানিকৰ গবেষণা জগাবলৈ বিতোপন বিদুলী নাথাকিব। বৈজ্ঞানিকৰ নাম নুমাব, কবিৰ বংশ ধ্বংস হব ৷ মনুষ্য, পশু, পক্ষী, কীট, পতঙ্গ আদি