পৃষ্ঠা:চিন্তা-কলি.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 
জীৱনৰ অমিয়া ৷

ৰমণ্ডলীৰ ভিতৰত ওন্দোলোৱা মুখ অনেক আছে, ইহঁত বেজাৰৰ দৃশ্যমান চিত্ৰ, ইহঁতক বেজাৰৰ কলীয়া ডাৱৰে সততে আৱৰি থাকে। বেজাৰ এই শ্ৰেণী মানুহৰ প্ৰাণবায়ু, বেজাৰ সিহঁতৰ জীৱনৰ গতি। দেহত প্ৰাণ থাকে মানে সিহঁতৰ মনোৰাজ্যৰ পৰা বেজাৰৰ আমোল নুঠে। পৃথিৱীৰ কোনো বস্তুৱেই মনৰ ডাৱৰ কাটি সিহঁতৰ আন্ধাৰ মুখ পোহৰাব নোৱাৰে। সকলো বস্তুতে আৰু সকলো কথাতে সিহঁতে কেৱল বেজাৰৰহে কাৰণ দেখে। সিহঁতৰ বিবেচনাত পৃথিৱীৰ সুখবিলাক ভুৱা, দুখবিলাক আচল। সিহঁতৰ মতে মধুৰ মাধুৰী মিছা, ফুলৰ লাৱণ্য মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ বলিয়ালী, আৰু আনন্দ উৎসৱ উদ্ভণ্ডালী মাথোন। সিহঁতে নিৰানন্দক জীৱনৰ সাৰ আৰু বেজাৰক জীৱনৰ গতি বুলি বিবেচনা কৰে। সেই দেখি ইয়াক পৰিহাৰ কৰি যি বিলাকে আনন্দ মনেৰে সংসাৰত আয়ুস সম্ভোগ কৰে, তাক সিহঁতে বাতুল বুলি ঘিণায়। সিহঁতে হাঁহিৰ অমিয়া, বা গীতৰ লয় গ্ৰহণ কৰিব নোৱাৰে। সিহঁতৰ চকুত হাঁহিৰ চিত্ৰ কদাকাৰ, সিহঁতৰ মনত গীতৰ সুৰ কঠুৱা। সিহঁতে ভাবে যে ঈশ্বৰে ধেমালি কৰিবলৈ বা খং পলুৱাবলৈ এই সংসাৰ স্ৰজন কৰি তাত নৰ জাতিক জুলুকি-জুলুকিকৈ যাতনা ভূঞ্জাইছে।