জীৱন বঞ্চে, তদপি সিহঁতে তালৈ কেৰাহিকৈ নাচায়, পুত্ৰ- কন্যাই দৰিদ্ৰতাৰ চেঙ্গচেঙ্গীয়া তাপত পুৰি ডেই চিঞৰ পাৰে, তদপি সিহঁতৰ ভূৰ্ভং নাই, বন্ধু, বান্ধৱ বিপদৰ ধামখুমীয়াত পৰি কক্বকাই ফুৰে, তদপি তালৈ চকু মেলি নাচায়, পুৱা গধূলি এমুঠি আহাৰৰ স্থিৰতা নাই, তদপি আলজাল এৰি কায়িক শ্ৰমেৰে অৰ্থ উপাৰ্জ্জনৰ দিহা নকৰে, বাপতি সাহন ৰক্ষণৰ অভাৱত লয় ক্ষয় হয়, তদপি তালৈ ভ্ৰুক্ষেপ নাই, সিহঁতৰ আত্ম-সম্মান বোধ নাই, সিহঁতৰ লাজ নাই। এই শ্ৰেণীৰ মানুহো সদাই উজ্জ্বল, সদাই প্ৰফুল্ল। কথাও সিহঁতৰ সদাই ধেমেলিয়া। কিন্তু ই যথাৰ্থ উজ্জ্বলতা নহয়, ই শিৰফুটা আনন্দ নহয়, জীৱনৰ অমিয়া নহয়। ই স্বাভাবিক অৱস্থাৰ এবিধ বিকাৰ মাখোন। বলিয়াৰ আনন্দ যেনেকুৱা, ইহঁতৰ আনন্দও তেনেকুৱা। বলিয়াৰ আনন্দ স্বাভাবিক অৱস্থাৰ এটা বিকাৰ। মানসিক বৃত্তিবিলাকৰ আউল লাগিলে মানুহ বাউল হয়। পাচে সেই আউলৰপৰা কেতিয়াবা আনন্দৰ, কেতিয়াবা বেজাৰৰ ধাৰ নিঃসাৰিত হয়। কিন্তু সেই দুইৰ কোনোটোৱেই প্ৰকৃত নহয়; সিহঁত কেৱল বাজী, বাতুলতা ৰোগৰ দৃশ্যমান বুৰ্বুৰণি মাথোন। কৰ্ত্তব্য-বোধ নথকা মানুহৰ আনন্দৰো সেই পটন্তৰ। সিহঁতৰ আনন্দও ভিতৰুৱা ৰোগৰ বুৰ্বুৰণি মাত্ৰ। উখহা ৰোগ হলে, নিছলা মানুহো থুলন্তৰ হয়, কিন্তু সেইবাবে সি স্বাস্থ্য সুখ সম্ভোগ কৰিছে বুলি কব নোৱাৰি। সেইদৰে, কৰ্ত্তব্যবোধ
পৃষ্ঠা:চিন্তা-কলি.djvu/৩০
অৱয়ব