পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সুভা

পঢ়া আৰু “প্ৰাইভেট্ টিউটৰ” এৰি, কাপোৰ-বোৱা, ভাত-ৰন্ধা আদি বনবিলাক মাকৰ কাষত বহি বহি শিকিবলৈ ধৰিলে৷ হেমোৱেও সৰু কালৰ লৰা-ঢপৰা, হাঁহি খিকিন্দালি আৰু ধূলা-লোৱা-লুৱি এৰি ক্ৰীকেট, ফুটবল, লগৰীয়াব লগত ভাল সাজ-পাৰ পিন্ধি আলিবাটেদি ফুৰা আৰু চুৰট হোত মন দিলে। তেতিয়া হেমো ওঠৰ বছৰীয়া, হাই স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ; আৰু সুভা চৈধ্য বছৰীয়া, গৃহস্থালীৰ স্কুলত সোমাইছে মাথোন।

 বৰমহৰীৰ লৰা, অলপ ডাঙৰ হবৰেপৰা হেমোৱে জোতা-মোজা, চোলা ৰকমে ৰকমে সলাবলৈ ধৰিলে। তাৰ পাচতে চিগাৰেট্ চিগাৰ হুপিবলৈ ধৰিলে; তাৰ পাচতে হাতত লাঠি লৈ লগৰীয়াৰ লগত বাটে বাটে ফুৰিবলৈ ধৰিলে; আৰু তাৰ পাচতে পঢ়া বা খেলাৰ ছলতে আনুষঙ্গিক দুষ্টালিবোৰত যোগ দিবলৈ ধৰিলে।

 কিছুমান দিনৰ পাচত স্কুলত “টেষ্ট্” পৰীক্ষা হল। হেড মাষ্টৰে বৰমহৰীৰ খাটিৰতে হক বা কাৰ্য্যানুৰোধতেই হক বা পৰীক্ষাৰ ফল চায়ে হক, হেমোক “এণ্ট্ৰেঞ্চ” পৰীক্ষা দিবলৈ “এলাও” কৰিলে৷ হেমো “এণ্ট্ৰেঞ্চ” পৰীক্ষা দি ঘৰলৈ আহিল৷ নিয়মমতে এতিয়া হেমোৰ বিয়া হোৱা উচিত!

( ৩ )

 ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়োৰো বৰ ইচ্ছা, এই বিয়াখন হেমো আৰু সুভাৰ ভিতৰতে হব লাগে। ইফালে ডাক্তৰৰ ইচ্ছা,