পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
গল্পাঞ্জলি

বদলি হল। নগৰ গোটেই খনত সেই বাতৰি বিয়পি পৰিল আৰু ডাক্তৰৰ ঘৰত বই-বস্তু বন্ধা-ছটাৰ গোলমাল লাগি পৰিল।

 এইবিলাক ঘটনাৰ ফল হল, ডাক্তৰৰ আৰু বৰমহৰীৰ লগত এখন মেল। তাৰ ফল হল এয়েই—যে সম্প্ৰতি সুভা আৰু হেমোৰ হব-খোজা বিয়াখন হব নোৱাৰে; সি কিছুদিনলৈ পিচ হোঁহকক। ডাক্তৰনী আৰু বৰমহৰীয়নীয়ে কিবা গুন্-গুনালে; কিন্তু ৰাতি তামোলৰ বটা আগত লোৱা সেই গুন্-গুননি ডাক্তৰ আৰু বৰমূহৰীৰ কিবা কথাতে নোহোৱা হল।

(৫)

 ইয়াৰ তিনি দিনৰ পিচত ডাক্তৰ যাবলৈ ওলাল। জাহাজৰ ঘাটলৈকে তিনি মাইল মান বাট; তাত গৈ মাইকী মানুহ দুজনীক তুলি বই-বস্তু তোলা বহুতে আহুকাল হব বুলি ভাবি জাহাজত উঠোতে সহায় কৰিবলৈ ডাক্তৰে এজন মানুহ বিচাৰিছিল। ওচৰত হেমোৱেই “ফেল” হৈ এই কেই দিন মিছাতে হে বহি আছে দেখি বৰমহৰীয়ে হেমোকে যাবলৈ ক’লে।

 ৰং মনেৰে হক, খং মনেৰে হক, বাইছিকোল খনত উঠি হেমো জাহাজ ঘাটলৈ গৈ ডাক্তৰক সপৰিবাৰে জাহাজত তুলি দিলে। অলপ পাচতে জাহাজ এৰি দিলে।

 হেমোৱে ঘাটত থিয় হৈ জাহাজ খনৰ ফালে অলপ পৰ চাইছিল, সকলোৱে চায়। দুটি চকু তেওঁৰ চকুত পৰিল, আৰু দুয়ো অলপমান পৰ চকুৱে চাই ৰল৷ সুভাই যেন এবাৰ