পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৮
গল্পাঞ্জলি

ভালকৈ কোনো কথা-বাৰ্ত্তাকে নাপাতিছিল; কথা কলেও কেতিয়াবা অ-ঠাইত জোৰ দি অলপ ‘হাকিমী কায়দা’ খটাই ধীৰে সুস্থে কৈছিল। এইবিলাক স্বত্ত্বেও কিবা এখন চাহ-বাগিচাৰ ২০ টকা কি ২১ টকা ৰূপ দৰমহা পোৱা কোনোবা এজন কেৰানীৰ লগত কিবা কাৰণত তেওঁৰ বৰ মিল হৈছিল। সেই কেৰানীজনৰ ঘৰলৈ তেওঁ যায়ো, তাত খায়ো। কোনে জানে, ‘হাকিমী মিজাজ’ৰ কথা? শাস্ত্ৰয়ো কৈছে—

“লোকোত্তৰাণাং চেতাংসি কো নু বিজ্ঞাতুমৰ্হতি।”

 আৰু আচৰিত কথা;—এদিনাখন এই কেৰানীজনৰ ঘৰলৈ গৈ হৰমোহনে তেওঁৰ ঘৰতে খালেও, আৰু ৰাতিটোও কটালে। পাছ দিনা পুৱা তেওঁ আহিলত, কেৰানী আৰু তেওঁৰ ঘৈণীয়েকজনীৰ ভিতৰত এনে কথাবাৰ্ত্তা হৈছিল বুলি শুনা যায়:—

 ঘৈণীয়েকঃ—আমাৰ ইয়ালৈ হাকিম ইমান ঘনাই বা কেলেই আহে?

 কেৰানীঃ—কি নো বেয়া পালা? তেওঁ আন কাৰো নঙলাৰ মূৰতে ভৰি নিদিয়ে। আমাৰ ইয়ালৈ আহিল কি হল?

 ঘৈঃ—আমি দুখীয়া মানুহ, খৰচ পত্ৰ বহুতো হয়। নহায়েহে ভাল।

 কেঃ—এ, কি খৰচৰ কথা কোৱা ! আমাৰ ইমান খাতিৰ দেখা নাই নে?

 ঘৈঃ—এৰক খাতিৰ দেও হে! হাকিম আৰু আহিব