পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৭
সুভা

চকু মোহাৰিলে, এনেতে জাহাজেও পাক ঘূৰিলে, দুয়ো নেদেখা নেদেখি হ’ল।

 উভতি আহোঁতে হেমোক বাটত বুঢ়া বৰুৱা ডাঙৰীয়াই লগ পাই বৰ বিমন দেখি কলে, “ফেল হলে বোপা, ইমান দুখ কৰিব পায় নে? এই বাৰ ভালকৈ পঢ়, পাছ হবি।”

( ৬ )

 ইয়াৰ পাছত বহু দিন গল। হেমো সেইবাৰ ‘ফেইল’ হলেও, তাৰ পাছত ভালেমান বছৰ ঘঁহি পিঁহি বি, এ লৈকে পাছ কৰি তেওঁ জীৱনৰ মহৎ উদ্দেশ্য সাধিলে। বৰ মহৰীৰো বহুদিনৰ আশা পূৰ হ’ল; তেওঁ বংশীধৰ মুঞ্চুপৰ জীয়েকক হেমোলৈ বিয়া কৰাই আনিলে; আৰু বৰ-চাহাবৰ অনুগ্ৰহত হেমোক পোনতে চবডিপুটিৰ কামটোতে সুমাই দিলে। কপালীৰ কপাল!

 ডাক্তৰৰ হলে আমি আৰু খবৰ নাপালোঁ,—তেওঁ বদলি হৈ তাৰপৰা আৰু কলৈ গল আমি তাৰ ভু ৰাখিব নোৱাৰিলোঁ।

( ৭ )

 হৰমোহনক সকলোৱে হাকিম বুলি মাতে। ‘আদব কায়দাও’ তেওঁৰ হাকিমী—তেওঁ তেওঁতকৈ নীহ পদৰ কোনো মানুহৰ ঘৰলৈ নগৈছিল; কাৰো ঘৰত চাহ এটোপাকে নুছুইছিল; এনেকি, পদত তেওঁতকৈ নীহ এনে কোনো মানুহৰ লগত