পৃষ্ঠা:গল্পাঞ্জলি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সুভা

( ১ )

 দৰুৱা নামৰ একো অৰ্থ নাই। ডাক্তৰৰ ছোৱালী সুপ্ৰভা আৰু কাছাৰীৰ বৰ-মহৰীৰ লৰা হৰমোহনক তেওঁবিলাকৰ মাক-বাপেকে সুভা আৰু হেমো বুলি মাতিছিল। কিয় মাতিছিল, তাৰ একো কাৰণ নাই; মাক-বাপেকৰ আদৰে মাথোন সেই কাৰণ জানিলে জানিব পাৰে।

 ডাক্তৰৰ আৰু বৰমহৰীৰ ভিতৰত মিল আছিল। সেই দেখি তেওঁলোকৰ ঘৈণীয়েক দুজনীৰ ভিতৰত, লৰা-ছোৱালীৰ ভিতৰত, চাকৰ-নাকৰৰ ভিতৰত, এনেকি ঘৰ দুটাৰ ভিতৰতো মিল আছিল, দুয়োৰো আগফালে মূখ-ঘৰ থকা দুটা বঙলা ঘৰ, নিচেই ওচৰা-ওচৰি।

 হেমো আৰু সুভাই একেলগে ৰং-ধেমালি কৰিছিল; আৰু দুইকো একেজন মাষ্টৰে (অৰ্থাৎ প্ৰাইভেট্ টিউটৰে) একেলগে, একে ঠাইতে, একে পঢ়াকে পঢ়াইছিল,— কেতিয়াবা বৰমহীৰৰ ঘৰত, কেতিয়াবা ডাক্তৰৰ ঘবত।

( ২ )

 বাল্যকাল গ’ল। তেতিয়াৰ সেই ৰং ধেমালি, সেই গলা-গলি আৰু লৰা-ঢাপৰা তাৰ লগে লগে গল। সুভাই স্কুলৰ