পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
গল্পাঞ্জলি

তেওঁ এজন “গ্ৰ্যাজুৱেট” জোঁৱাই পালে ভাল৷ ববমহৰীৰৰো আকৌ চকু মুঞ্চুপব জীয়েকত হে। তেওঁ হেনো মনে মনে প্ৰতিজ্ঞাকে কৰিছিল যে মুঞ্চুপৰ জীয়েক নহলে তেওঁ লৰালৈ বিয়াকে নকৰায়। সেই অৰ্থে তেওঁ ঢেৰ “যোগাব-যন্ত্ৰ”ও কৰিছিল।

 বিয়াৰ কথা উলিয়ালে, বিয়া হবখোজা আমাৰ দৰা-কন্যাৰ কথা নোকোৱাহে ভাল; কাৰণ তেওঁবিলাক বিয়া কৰাবৰ বা সোমাবৰ হে পাত্ৰ। বাদ-বিচাৰ বা ইচ্ছা-অনিচ্ছাৰ বিষয়ে বিবাহ-আইন অনুসৰি তেওঁলোকৰ একো স্বত্ত্ব নাই। তথাপি যদি নগণ্য সেই পুতলী দুটিৰ কিবা কথা কোনোবাই শুনিব খোজে, তাত নো আমাৰ নিচিনা সভ্য-ভব্যৰ আপত্তি কি?

 হেমোৱে হলে কেতিয়াবাৰেপৰা ভাবিছিল, সুভাৰ লগতে তেওঁৰ বিয়া হ’ব। সুভায়ো যে এই কথা ভাবিছিল, তেনে কথা ডাঠি কব নোৱাৰি। দুয়ো ডাঙৰ হোৱাত হেমোক দেখি সুভা কেতিয়াবা ৰঙা পৰি উঠা, আৰু বাটেদি যাওঁতে হেমোৰ ফালে নেদেখাকৈ বেৰৰ সুৰঙ্গাই দি চাই থকা প্ৰভৃতি কেতবোৰ কথা লৈ সমনীয়া ছোৱালীবিলাকে প্ৰায় হাঁহি-তামচা কৰিছিল বুলি কোৱা শুনা যায়। আগৰ কথা যি হক, যেতিয়া ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়ো ঠিক একে তালে, একে চেৱে। একে কথাকে লৈ তোল পাৰ লগাবলৈ ধৰিলে, তেতিয়া অকল হেমো-সুভায়েই নহয়, ওচৰ-চুবুৰীয়া জ্ঞাতি-কুটুম সকলোৱে মনতে ভাবিলে যে, এই বিয়াখন হলেই; মুঠতে মন্ত্ৰ কেই-আষাৰি মাতিব আৰু হোমৰ আম-খৰি কেইডালি পুৰিবলৈ হে বাকী আছে।