পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সুভা

 ডাক্তৰনী আৰু বৰমহৰীয়নীৰ কথাত তেওঁলোকৰ স্বামী দুজন ঘূৰিলেই বুলিব লাগে। মাজে মাজে তেওঁলোক দুয়ো এই বিষয় আন্দোলন কৰিবলৈ ধৰিলে। হওঁতে হওঁতে বিয়াৰ দিন আদি ঠিক কৰিবলৈ এদিন এজন পণ্ডিতক মাতিলেই।

( ৪ )

 কালৰ কি লীলা। ইয়াৰ ভিতৰতে আকৌ কেবাটাও কথাই বৰ মেৰ পাক লগাই দিলে। এদিনাখন পুৱা, দুটামান ডেকা লৰাই লৰা-ঢপৰা কৰি একোবাৰ টেলিগ্ৰাফ অফিচলৈ গৈছে আৰু আহিছে। হেমোৰ সেই দিনা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ খবৰ আহিব; কোনোবা এজনে পালেই। লাহে লাহে এটা এটাকৈ Reply prepaid টেলিগ্ৰাম দি সকলোবিলাকে খবৰ আনিলে। হেমোৰ ইমান সময় সাহ হোৱা নাছিল; ভাবিছিল আন কাৰবাৰ খবৰতে আহে যদি আহক। শেহত কাৰো খবৰত একো নিষ্পত্তি নোহোৱা দেখি, পয়চা বাৰ অনা খৰচ কৰি নিজেই তেওঁ এখন টেলিগ্ৰাফ দিলে। উত্তৰত আৰু যি হবলগীয়া সেয়ে হল।

 হৰমোহন “ফেইল” হোৱা কথাতো নগৰৰ গোটেইখনতে ওলাই গল। ডাক্তৰে শুনি নাক কোঁচালে, ডাক্তৰনী তেতিয়াই বৰমহৰীয়নীৰ ঘৰলৈ আহিল; আৰু সুভাৰ চকুত কোনে জানে কিয়, এটোপা চকুলো বিৰিঙিছিল।

 তাৰে তিনি দিনৰ মূৰত ডাক্তৰৰ মৰম আৰু টেলিগ্ৰাম আহিল;— তেওঁ যেনে আছে, তেনে তেতিয়াই আন এখন জিলালৈ