পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নালিনী প্ৰাসাদত সমাপন কৰিলে। এইবাৰ আৰু ৰক্ষা নাই। যেইয়ে শুনিলে, সেইয়ে গৰ্জি উঠিল—“ৰাজাই বৌদ্ধ বিলাকক লাই দিব ধৰিছে।” হিন্দুৰ পৰম পুণ্য তীৰ্থ কাশী অলপতে বৌদ্ধৰ কৰ্ম্মক্ষেত্ৰ হব। এনেকুৱা অপমান কোন হিন্দুৱে সহিব! সকলোৱে লগ লাগি কৃকীৰ ভায়েকক ৰাজা ৰূপে অভিষেক কৰিলে। সকলোৱে ৰাজাক মাৰিবলৈ আৰু প্ৰাসাদ নষ্ট কৰিবলৈ অগ্ৰসৰ। এনেতে কৃকী দয়া-মায়া, স্নেহ-মমতা সকলোকে বিসৰ্জন কৰি, মুহুৰ্তৰ নিমিত্তে মোহ মায়াৰ পৰা মুক্ত হৈ চিঞৰি চিঞৰি সভাৰ প্ৰজা মণ্ডলীৰ আগত কলে, “কুকীক ক্ষমা কৰা। মালিনীয়ে এইবাৰ অৱশ্যে দণ্ড পাব। মালিনী এই মুহূৰ্তৰ পৰা নিৰ্বাসিতা।” ককী নিজে এজন উপযুক্ত ৰাজা আছিল। ৰাজ্যৰ সকলোৱে তেওঁক উচিত ৰাজভক্তি প্ৰদৰ্শন কৰিছিল। কেৱল মালিনীৰ নিমিত্তে ধৰ্ম্মৰ ব্যাঘাত হোৱা দেখি হে সকলোৱে তেওঁক অত্যাচাৰী বুলি ভাবিব ধৰিছিল। এতিয়া তেওঁৰ মনৰ এনেকুৱা পৰিবৰ্ত্তন হোৱা দেখি সকলোৱে ক্ষান্ত হল, মালিনীক নিৰ্বাসন কৰাত ৰাজাক ক্ষমা কৰিলে। শাসনৰ নিয়মমতে কৰ্মচাৰীয়ে মালিনীক নিৰ্বাসন কবিবলৈ আহত, মালিনীয়ে পিকক এবাৰ দৰ্শন কৰিবলৈ ইচ্ছা কৰিলে। মালিনীৰ সেই বাঞ্ছা পূৰ্ণ হল। পিতাকক প্ৰণাম কৰি সাত দিন বেছিকৈ সময় ললে। ৰজাই প্ৰধান প্ৰধান অমাত্যবিলাকৰ মত লৈ মালিনীক সেই সাত দিনৰ সময় দিলে। এতিয়া মালিনী