পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৩
মালিনী

এইটো ঠিক কৰিলে। সৰোজ মালিনীৰ নিমিত্তে কিয় ইমান অস্থিৰ, সেইটো যিজনে কেতিয়াও প্ৰেম-সুধা-পানৰ সুযোগ পোৱা নাই তেওঁক বুজোৱা টান। কিন্তু মালিনী,— মালিনীৰ সেই সুন্দৰ ভ্ৰমৰকৃষ্ণ কুন্তলৰ এডালি আহি পৰি থকা গোলাপী ৰাগৰ গণ্ডযুক্ত বদন কমল সৰোজৰ মনত পৰিল। সৰোজ অধীৰ হল। যি মালিনীৰ নিমিত্তে তেওঁ প্ৰায় গত-প্ৰাণ, সেই মালিনীয়ে তেওঁক কি ভাবিছে, সেই মালিনীক এবাৰ নেদেখাকৈ সৰোজে কি সাহসে প্ৰাণ এৰিব পাৰে। সৰোজ তৎক্ষণাৎ উঠি মালিনীৰ ঘৰৰ পিনে খোজ ললে। সৰোজে যি ঘৰত আগে ভৱিষ্যতৰ আশা-দীপ্তি ৰিণিকি ৰিণিকি দেখিছিল, আজি সেই ঘৰত নিৰাশাৰ প্ৰেত-মূৰ্ত্তি দেখি বিকম্পিত। তেওঁৰ হৃদয় কঁপি উঠিল, মূৰৰপৰা ভৰিলৈকে তড়িত ছুটিল। আগেয়েও এই ঘৰত সোমাওঁতে তেওঁৰ বুকু ধিপিং ধিপিং কৰিছিল। কিন্তু আজিৰ কঁপনি তেনেকুৱা নহয়, আগেয়েও এই ঘৰত সোমাওঁতে সৰোজৰ গাত তড়িত ছুটিছিল; কিন্তু আগৰ আৰু আজিৰ কি বিভিন্নতা! সিদিনাৰ তড়িত মধুৰ কিন্তু আজিৰ তড়িত গৰল। এই বিভিন্নতাৰ তাৎপৰ্য্য কি? ইয়াৰ কৰ্ত্তা কোন? কাল! সৰোজে গভীৰ চিন্তাযুক্ত হৃদয় লৈ মালিনীৰ ঘৰত প্ৰবেশ কৰিলে। আগৰ নিচিনা সৰোজে “মালিনী” “মালিনী” বুলি মাতিলে; কিন্তু তেওঁ মালিনীৰ মাত শুনিবলৈ নাপালে। সৰোজে চাৰিও পিনে বিচাৰিলে, মালিনী নাই। ভাবিলে, প্ৰকৃতিৰ ক্ৰীড়া পুতলী মালিনী ক্ৰীড়াৰ সামগ্ৰী। যদি