পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪
গল্পাঞ্জলি

তামাচাতে কৰবাত লুকাই আছে? চাৰিও পিনে বিচাৰিলে তথাপি নাই। বহুত সময়ৰ পাছত বিছনাৰ পৰা ১০/১২ হাত মান দূৰৈত এখন পাটীত— কাপোৰ নাই, গাৰু নাই— শায়িতা মালিনীক দেখা পালে। হঠাৎ তেওঁৰ মন আনন্দত পৰিপুৰ্ণ হল! কিন্তু পাছ মুহূৰ্ত্ততেই নৈৰাশ্যৰ ঘোৰ ছায়া আহি তেওঁক আবৰি ধৰিলে, ইচ্ছা হল মালিনীক মাতে। কিন্তু পৰ মুহূৰ্ত্ততেই তেওঁৰ মনত কি যেন ভাব হল; মালিনীক নজগালে; ভাবিলে ধৰ্ম্মৰ আনন্দ কোলাত সুসুপ্তা মালিনী! আহা! মুখৰেই কি আভা! এই বদনত পূৰ্ণ-শশী-বিকশিত-গোলাপ-ৰাগ-ৰঞ্জিত কপোল যুগল কি সুন্দৰ। এনেকুৱা ৰূপ কিহৰ? কিহে এই কপোলৰ নিচিনা মোহিনী শক্তি ধাৰণ কৰে? আকৌ পূৰ্ণিমাৰ চন্দ্ৰতুল্য বদনৰ ওপৰত নীলবৰণীয়া চকু দুটি। ওপৰত সূৰ্য্যকিৰণ আছিল, খিৰিকী এটিৰে সূৰ্য্যকিৰণ আহি মালিনীৰ বাওঁ গালত পৰিছে। সৰোজে ভাবিলে, “সূৰ্য্যদেৱ! তুমিও মালিনীৰ প্ৰেমত মতলীয়া হৈ মোৰ আগতে তেওঁক চুমা খাবলৈ সাহ কৰিছা? উস্! মই কি কলোঁ! এনেকুৱা পবিত্ৰ ভাবত, এনেকুৱা পবিত্ৰ হৃদয়ত এনেকুৱা দোষ আৰোপণ কৰি নৰকৰ পথ উন্মুক্ত কৰিলোঁ। হায়, মালিনি! কি কুগ্ৰহৰ সংমিলন সময়ত তোমাৰ মোৰ ভিতৰত স্নেহ উপজিছিল? এই প্ৰতিমা, এই স্বৰ্ণ প্ৰতিমা বিসৰ্জ্জন দিলোঁ। হৃদয় কঠোৰ হ। তোৰ ভিতৰত যেন দয়া-মমতা নাথাকে। মালিনি, পাপীয়সি, মোৰ হৃদয়ৰ পবিত্ৰ আশা নষ্ট কৰিলি, ৰক্ষা নাই!” মনৰ আবেগত “ৰক্ষা নাই” শব্দটো