পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৫
মালিনী

ডাঙৰকৈ কোৱাত মালিনীয়ে সাৰ পালে; সাৰ পাই যি দেখিলে সি কি ভয়ানক! মালিনী কঁপিবলৈ ধৰিলে। তেওঁ দেখিলে সৰোজ এখন তীক্ষ্ণ-ধাৰ অসি লৈ ওচৰত দণ্ডায়মান। সূৰ্য্যৰ কিৰণ তাত পৰি চিক্‌মিকাইছে। মালিনীয়ে কলে, “সৰোজ। সৰোজ! ই কি? ইমান তোমাৰ স্নেহ!” সৰোজৰ জ্ঞানোদয় হল। তাতে তৰোৱাল পেলাই দি লৰ দিলে আৰু কৈ গল “মালিনি! মই তোমাৰ ওচৰত বহুত দোষৰ দোষী! ক্ষমা কৰিবা।” মালিনীয়েও সৰোজৰ পাছে পাছে গল। ভয়ানক ৰদ। বাটত মানুহ নাই। উভয়ে নীৰবে প্ৰকৃতিৰ মাজেদি সিদিনা বহা শিলৰ ওচৰলৈ গল। সৰোজে চাৰিও পিনে চালে, পাছত মালিনীক দেখা পাই “হে ভগবান, ক্ষমা কৰা। মাতঃ গঙ্গে! তোমাৰ শীতল হৃদয়ত ৰাখি এই অধমৰ উত্তপ্ত প্ৰাণ শীতল কৰা।” এই বুলি পানীত জাপ দিলে। মালিনীয়েও সেই মুহূৰ্ত্ততে সেইখিনি পাই জাপ দিলে। কিন্তু সৰোজক কত পায়! নিৰাশৰ উপদ্ৰৱত থাকিব নোৱাৰি অনন্ত প্ৰেমময় সৰোজ অনন্তত মিল হল। অনন্ত কাল সমুদ্ৰৰ এটি ঢৌ মাৰ গল। অলপ সময় থাকি মালিনী উঠিল। যদি ধৰ্ম্মৰ বিমল জ্যোতিয়ে তেওঁৰ হৃদয় অধিকাৰ নকৰিলেহেতেন তেনেহলে মালিনী সৰোজ একে সময়তে উদ্বেগময় সংসাৰৰ পৰা বিদায় ললেহেতেন। কিন্তু মালিনী-জীৱনৰ এটি অঙ্ক হে শেষ হল। আন পিনে সৰোজ-জীৱন-নাটৰ যবনিকা পতন। মালিনীয়ে তেওঁৰ হৃদয়ৰ প্ৰতিমা সৰোজক গঙ্গাত বিসৰ্জ্জন দি দুখ মনেৰে