পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৩
মালিনী

কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মনৰ ভাব যিমান টানিলে, মোৰ মন সিমান টানিব পৰা নাই।”

 “সৰোজ! তেনেহলে মই কি কৰিম! এতিয়া তোমাৰ ওপৰত নিৰ্ভৰ। মই ঠিক কৰিছোঁ, মহাত্মাজন আহিলেই আৰু মোৰ থাকা নহব।”

 “মোৰ আশা?” মালিনীৰ বুকুত শেল পৰিল। হায়! হায়! মালিনীৰ কপালত ইমান দুখ আছিল, আজি সৰোজৰ মুখৰ পৰা এনেকুৱা কথা শুনিব লাগিল! বহুত পৰৰ পাছত কলে, “সৰোজ, তোমাৰ আশা! তোমাৰ আশা নে মোৰ ভাগ্য? নিশ্চয় উভয়ে-পূৰ হব।”

 “কেনেকৈ?”

 “উপায় আছে।”

 “কি উপায়?”

 “সৰোজ, নিৰুদ্বেগে থাকা; উপায় হব। এতিয়া চোৱাচোন, ৰাতি বহুত হল। জোনো ডুবিবৰ হল।” উভয়ে নীৰবে উঠিল। সেই গঙ্গাৰ পাৰ আগৰ দৰে আকৌ জনশূন্য হল। জোন বুৰিল। নৈশ-নিস্তব্ধতা ভঙ্গ কৰি এটি ফেঁচাই “কু” “কু” বুলি মাত লগালে। মালিনী সৰোজ উভয়ে নিজ নিজ ঘৰলৈ গুচি গল।

(২)

 কাশীৰাজ কৃকীয়ে বৌদ্ধ-ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত ৰাজত্ব কৰে। তেওঁৰ মন্ত্ৰী হিৰণ্যকুমাৰ। ৰাজাৰ কেবাজনো লৰা-ছোৱালী। সচিব-শ্ৰেষ্ঠ হিৰণ্যৰে লৰা-ছোৱালী কেবাজন। আগত কোৱা