পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মালিনী ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰাভিমুখিনী। মালিনী যদিও যৌবন-আক্ৰান্ত। যুবতী তথাপি সোজ তেওঁৰ ভাবী স্বামী ইয়াকে জানি ৰাজা বা ৰাণী কোনেও তেওঁলোকৰ প্ৰণয়ত ব্যাঘাত জন্মোৱা নাছিল। তেওঁলোক দুইজনেও মনৰ আনন্দৰে কাল কটাইছিল। কিন্তু হায়! এই সংসাৰত যি যেনে আশা কৰে তাৰ বিপৰীত ফল হে ফলে। যি সংসাবক সুখৰ আকৰ বুলি জ্ঞান কৰে, সি অসীম দুঃখভাগী হয়! মানুহৰ অৱস্থা কেতিয়াও একে নাথাকে। ৰাজা পথৰ ভিখাৰী, পথৰ ভিখাৰী ৰাজা হয়। সংসাৰৰ নিয়মেই এই। এই নিমিত্তেই জ্ঞান-চকুত সংসাৰ অসাৰ। মালিনী সৰোজ যদিও কোনো দোষৰ দোষী নহয়, যদিও উভয়ে নিৰ্দোষী একবৃন্তোদ্ভূত কুসুম, তথাপি তেওঁলোক সংসাৰী, সংসাৰৰ নিয়মৰ তলতীয়া। এতিয়া সেই সংসাৰৰ নিয়মৰ বশীভূত হৈ তেওঁলোকেও কষ্ট ভুগিব লগীয়া হল। আগেয়ে কোৱা হৈছে এই সময়ত বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব। তেতিয়া ভাৰতত এনে ঠাই নাছিল, যত বৌদ্ধ ধৰ্মাবলম্বী নাই। কাশী অতি পুৰণি আৰু প্ৰসিদ্ধ হিন্দুতীৰ্থ। ইয়াত যে বৌদ্ধ- ধৰ্মাবলম্বী থাকিব তাত আশ্চৰ্য কি! ৰাজপ্ৰাসাদৰ অনতি- দূৰবৰ্তী গঙ্গাৰ পাৰত শ্ৰমণবিলাকৰ অশ্ৰম। আগত কোৱা গঙ্গাৰ পাৰৰ ফুলনিৰ পৰা আশ্ৰম স্পষ্টৰূপে দেখা যায়। তেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাব দেখি ডাঙৰ ডাঙৰ চহৰত বৌদ্ধ

  • বৌদ্ধ সন্ন্যাসীক শ্ৰমণ বুলিছিল।