সমললৈ যাওক

পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
মালিনী

নহলেও আংশিক সঁচা। তাত থকা বৌদ্ধ মণ্ডলীৰ গুৰু, প্ৰধান শ্ৰমণ সমাগত। প্ৰধান শ্ৰমণ মধ্যত সমাসীন; চাৰিও পিনে আন আন সন্ন্যাসী বিলাক দণ্ডায়মান। কোনেও অভ্যাগতক সৎকাৰ কৰিছে, কোনোৱে শোভাকে চাইছে, কোনোৱে পুথি পঢ়িছে। এনেতে সেই মহাত্মা জনৰ চকু মালিনী সৰোজৰ ওপৰত পৰিল। ওচৰত থকা কোনো এজনক সুধি তেওঁলোকৰ পৰিচয় জানিব পাৰিলে, আৰু তেওঁলোক দুই জনক এটি ঘৰলৈ মাতি নি সভা ভঙ্গ কৰিলে। আকৌ আগৰ যি আশ্ৰম আছিল সেই আশ্ৰম হল। মানুহ নোহোৱা হল।

 মালিনী সৰোজ উভয়ে অতীব ৰূপবান। মহাত্মাজনে উভয়কে ঘৰলৈ মাতি নি বৌদ্ধধৰ্ম্মৰ বিষয়ে বহুত উপদেশ দিলে। তেওঁ কলে, জগত মিছা। সংসাৰ অসাৰ। আজি তোমালোকৰ এনে ৰূপ, এনেকুৱা তেজ, এনেকুৱা যৌবন কালিলৈ নাইকিয়া হব। অনিত্য সংসাৰত নিত্য একো নাই। পশু-পক্ষী, গছ-লতা, সকলোৱে এদিন কালচক্ৰত লয় পাব। সদায় আছে, আছিল আৰু থাকিব “কাল”, “মনুষ্যৰ হৃদয়ৰ ভাব” আৰু “ঈশ্বৰ”। এতেকে মিছামিছি দুদিন ইমান আয়ম কৰাৰ আৱশ্যক কি? এই ৰকমে বহুত বুজালে। মহাত্মা জনৰ এনেহে বাক্‌শক্তি আছিল যে মালিনী আৰু সৰোজ একেবাবেই মোহিত হল। কিন্তু তাৰপৰা আহাত, কিছুদিন পাছে সৰোজৰ হৃদয়ৰ পৰা সেইবোৰ কথা কিছু পৰিমাণে আঁতৰ হল। কিন্তু মালিনীৰ হৃদয়ত আৰু টানকৈ হে বহিল। মালিনীৰ মনত এতিয়া দুই