পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
গল্পাঞ্জলি

উলটি আহিল। তেওঁৰ হৃদয়ৰ মাণিকটি গল। সৰোজ কালৰ গৰ্ভত লীন হল।

(৬)

 মালিনী যে ওলাই যাবলৈ বেছিকৈ সময় লৈছিল তাৰে এদিন শেষ হল। বাকী ছয় দিন। মালিনী ধৰ্ম্মত নিমগ্না। তেওঁ তেওঁৰ মাক, বাপেক, ভাই, বন্ধু, ইষ্টকুটুম্ব কাৰো প্ৰতি কটাক্ষ নকৰে। কিন্তু এইবিলাক শত শত জীৱক কেনেকৈ পাপ সাগৰত এৰি থয়। পৰোপকাৰ ধৰ্ম্মই প্ৰধান। মালিনীয়ে ইমান মানুহক কেনেকৈ মোক্ষ-ৰূপ চিৰ সুখৰ পৰা বঞ্চিত কৰিব? পৰোপকাৰ তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য।

 ধৰ্ম্ম ভাবৰ উগ্ৰতাই তেওঁৰ জিহ্বাত সৰস্বতী অধিষ্ঠান কৰালে। মালিনীৰ ইমান দিনৰ লুপ্ত বাক্‌শক্তি হঠাৎকাৰে জ্বলি উঠিল, যেন অগ্নিস্ফুলিঙ্গ ছাইৰ তলত লুকাই আছিল, এতিয়া হঠাৎ ছাই সমন্বিতে জ্বলালে। তেওঁ সেই ছয় দিন অনবৰত উপদেশ দিব ধৰিলে। তেওঁৰ বক্তৃতাৰ এনেহে মোহিনী শক্তি— সেই ছয় দিনত, ৰাজা, ৰাজকুমাৰ, ৰাণী, মন্ত্ৰী, সভাসদ, সভাপণ্ডিত আদি কৰি ৰাজ্যৰ অনেক ডাঙৰ ডাঙৰ মানুহ বৌদ্ধধৰ্ম্মত দীক্ষিত হল। সকলোৱে বুদ্ধদেৱৰ জয়পতাকা ঘৰে ঘৰে উৰাই বুদ্ধৰ গুণকীৰ্ত্তন কৰিব ধৰিলে। মালিনীৰ আৰু নিৰ্ব্বাসন নহল। গুৰু মানি সকলোৱে মালিনীক পূজা কৰিব ধৰিলে। কিন্তু হায়! এনেকুৱা সুখৰ দিনতো মালিনী নিৰাশ। তেওঁৰ হৃদয়ৰ অন্তৰতম প্ৰদেশৰ পৰা এটি দীঘল নিশ্বাস আহিল।