পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গল্পাঞ্জলি বিয়া দিয়ে। এইদৰে আৰু তিনটি বছৰ পাৰ হল। মালতীৰ বয়স তেতিয়া চৈধ্য বছৰ। ( যেতিয়া পদুমৰ কলিটি লাহে লাহে ফুলিবলৈ আগবাঢ়ে, অথচ সেই বাঞ্ছা তৃপ্তি নহয়; যেতিয়া দ্বিতীয় বা তৃতীয়াৰ জোনৰ ক্ষীণ কলাটি পূৰ্ণিমাৰ পূৰ্ণতা পাবলৈ ব্যাকুল হয়, অথচ সেই আকাঙক্ষা পূৰ নহয়; তেতিয়াৰ কলিত, সেই জোনত, এটি অতৃপ্ত বাসনা, এটি আনন্দব ব্যাকুলতা আৰু এটি মধুৰ উন্মাদনা ফুটি উঠে, যি বৰ্ণাব নোৱাৰ সুন্দৰ। এই বয়সত ৰূপ আৰু সৌন্দৰ্যৰ হেন্দোল- দোলত এজন ডেকাৰে সৈতে মালতীৰ বিয়া হল। সমাজৰ মুখলৈ চাই আৰু গুৰুজনৰ কথা নুশুনি সেই ডেকাজনে মালতীক বিয়া কৰালে। এই ডেকাজনৰ নাম কালীনাথ। কালীনাথৰ ঘৰ ইয়াতে; যি ঘৰৰ কথা কৈছিলো, সি কালীনাথব। মাক বাপেকৰ লৰা-ছোৱালীৰ ভিতৰত কালীনাথেই মাত্ৰ। পুৰণিকলীয়া শাস্ত্ৰৰ বিৰোধে, সমাজৰ বিবোধে আৰু গুৰুজনৰ বিৰোধে মালতীক বিয়া কৰোৱা দেখি কালীনাথৰ পিতাকে তেওঁক ঘৰত সোমাব নিদিলে। তেৱেঁ। নানা ঠাইত ঘূৰি ঘূৰি কাম কাজৰ সংগ্ৰহ কৰিলে আৰু মালতীকে লগত লৈ সুখে খাই লৈ থাকিল। তেতিয়া তেওঁলোকৰ এটি লৰা হল। ফুল ফুলিলে গছৰ, জোন উঠিলে আকাশৰ যেনে শোভা হয়, মালতী আৰু কালীনাথে এই অমৃত-গঢ়া বস্তুটি পাই তাতোকৈ