পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৭
নৈৰ দাতিত

(৩)

 যি ঠাইৰ কথা কৈছোঁ, তাৰপৰা অলপ দূৰৈতে এঘৰ ডাঙৰ মানুহৰ বসতি। কেইটামান টিনৰ ঘৰে বগা মূধ কেইখন উলিয়াই ওচৰৰ গছবোৰক খিজিলিয়াইছে। মালতীয়ে কলে, “বোপা! এদিনাখন সেই ঘৰ মোৰ আছিল। তেতিয়া মই হাজাৰ মানুহক খুৱাইছিলোঁ। আজি মই আনৰ ভৰিত ধৰি পেটৰ ভাত উলিয়াব লাগে।” তেওঁৰ চকুৰপৰা কেইটোপমান গধুৰ চকুৰ লো সৰি পৰিল।

(৪)

 মালতী সৰুৰেপৰা বৰ অভাগিনী— কুক্ষণত জনম পোৱা কুলক্ষণী ছোৱালী। তেওঁৰ মাক বাপেক বৰ আঢ্যৱন্ত মান্যৱন্ত মানুহ আছিল। সুকলমে গৃহস্থিখন চলাই সুখেৰে খাই লৈ আছিল। যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ, তেতিয়া তেওঁৰ পিতাকৰ মৃত্যু হল। বিধবা মাকে একেটি মাথোন সন্তান মালতীক বুকত লৈ কথমপি দিন কটাবলৈ ধৰিলে। এবছৰৰ মূৰত সেই চেনেহৰ প্ৰতিমা, পবিত্ৰতাৰ আধাৰ মাকেও মালতীক অপাৰ সংসাৰত অকলে এৰি থৈ এই জীৱনৰ দুখ আৰু কষ্টৰপৰা মুক্তি লাভ কৰিলে। পাঁচোটি বছৰ এদিন ইয়াৰ ঘৰত, এদিন তাৰ ঘৰত থাকি মালতীয়ে এঘাৰ বছৰ বয়সত ভৰি দিলে। বামুণৰ ছোৱালী; বিয়াৰ বয়স পাৰ হৈ গল। মাক-বাপেক-নোহোৱা নিসহায় নিৰুপায় মাউৰী মালতীক কোনে