পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
গল্পাঞ্জলি

সলাইছিল।) কিন্তু যেতিয়া মানুহক দুখে লগ ধৰে, তেতিয়া সি অকলশৰীয়া হৈ নাহে: তাৰ বিজয় পূৰ কৰিবলৈ অনুচৰো লগতে থাকে। মালতীয়ে ঈশ্বৰক চিন্তি আৰু নিজৰ কপালৰ ওপৰতে সকলে দুখৰ ভাৰ দি, কোনোমতে পুতেকটিক বুকত বান্ধি লৈ থাকিল; নিৰ্দ্দয় বিধাতাৰ সিও সহন নহল। সংসাৰত বন্ধুহীন বিধবা এজনাৰ একেটি মাথোন মৰমৰ অমৃত-সনা বস্তু, সেই লৰাটিকো মাৰি নিলে। হায় বিধাতা! এনে দুখুনীৰ একেটি মাথোন ৰতন, তাকে কাঢ়ি নি কি সুখ পোৱা! মালতীৰ জীৱন উদ্দেশ্য-হীন হল; জীৱনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা নাইকিয়াত পৰিল।

(১১)

 এতিয়া মালতীৰ অতুল সম্পত্তি; ইমান সম্পত্তিৰ তেওঁ কথাকে শুনা নাই। কুৰি বছৰ বয়সত ইমান দুখ কষ্ট সহি আৰু ইমান সম্পত্তিৰ অধিকাৰিণী হৈ, মালতীয়ে কি কৰিব একো বুজিব নোৱাৰিলে। আন্ধাৰ জীৱনৰ বাকী সময় খিনি, কোনোমতে কটাব পাৰিলে মালতীৰ উদ্ধাৰ; তেওঁৰ ইমান টকাৰ দৰকাৰ কি? দূৰ সম্পৰ্কৰ দেৱৰ এজনক সকলো ভাৰ গতাই দি তেওঁ নিশ্চিন্ত হব খুজিলে। খত হল; খত ৰেজেষ্টৰী হল।

 ইমান দিন মালতীৰ মন আছিল, আদৰ আছিল, কাৰণ টকা আছিল। এতিয়া টকা আনৰ হল, লগতে মান আদৰ সিও আনৰ