পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
গল্পাঞ্জলি

যাত্ৰা কৰিলে। ইয়াতে মালতীয়ে কান্দিলে। নাদৰ উঠি অহা পানীৰ বেগ যিদৰে অমনীয়, তেওঁৰ চকুলোও তেনে।

(৮)

 তেতিয়াও শাওণ মাহ; এনে আধা-তিতা আধা-শুকান দিন; এনেকুৱা ভৰা নদী; নদীৰ পাৰৰ আৰু গাওঁ আদিৰ বৰষুণ পৰা পাতৰ ওপৰত সূৰ্য্যৰ বেঁকা কিৰণ পৰাৰ বাবে এনেকুৱা জিক্‌মিকীয়া অৱস্থা; এনেকৈয়ে দূৰৈৰ চৰাইবোৰে বাহলৈ বাট-মেলা দিছিল। সেইদিনা মালতীৰ মনত আনন্দৰ সীমা নাই; ইমান দিনৰ মূৰত শাহুৱেকক পাব; নতুন মাক এজনী মিলিব! কালীনাথ অতুল সম্পত্তিৰ অধিকাৰী হৈ সকলোৰে মাননীয় হব! তেওঁৰ সোণৰ পুতলী লৰাটিৰো আজি হাঁহিত ঠাই নাই; কালীনাথো আনন্দতে পূৰ; ইমান দিনৰ মূৰত মাকক দেখি কি কৰিব, কেনে লাগিব তাৰেই কথা বতৰাত ব্যস্ত। সেইবোৰ কথা মালতীয়ে শুনিছিল। মালতীৰ নাও আগ কৰি দি কালীনাথ অলপ পাছত আহিছিল, যাতে তিৰোতাৰ গোলমাল ভাগিলে শান্তিৰে মাকৰ চৰণত এটি সেৱা কৰিব পাৰে, তেওঁৰ আদৰৰ চকুলো আশীৰ্ব্বাদেৰে সৈতে শিৰত ধৰি শান্ত আৰু পবিত্ৰ হব পাৰে। মালতীৰ নাও ঘাটত লাগিল; শাহুৱেকে আহি লৰাটিক কোলাত তুলি লৈ চুমা খাই খাই কন্দুৱাই পেলালে; বোৱাৰীয়েকক আকোৱাল মাৰি ধৰি আশীৰ্ব্বাদ কৰিলে; আৰু হাতত ধৰি নাৱৰপৰা নমালে; চাৰিও ফালে আনন্দ আৰু উৎসৱত