পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গল্পাঞ্জলি পোন্ধৰ বা ষোল ৰছৰমান হে; দুখে-কষ্টে বয়সৰ ভাগৰ মাৰি দিছিল। প্ৰথমতে দেখেতেই তেওঁৰ ৰূপে যে এদিন পূৰ্ণিমাৰ জোনকে লাজত পেলাব পাৰিছিল তাক বুজিব পাৰি। এতিয়া দেহটি ক্ষীণ, চুলিবোৰ বগা; দাতৰ পাৰিত দাত নাই বুলিলেও হয়; মুঠতে বৰ হালুক অৱস্থা। যদিও এনে ধৰণৰ তিৰোতা- জনীক চকুৱে বুঢ়ীত বাজে আন অখ্যান দিব নোখোজে, তথাপি ভাগ্যবানৰ ঘৰৰ নাইবা পশ্চিম দেশৰ হলে যি তিৰোতাক যুবতী হে বোলা উচিত, তাক যমে-লাই-পোৱা এনে কচুৱা নাম দিবলৈ ইচ্ছা নজন্মিল; সেই কাৰণে, তেওঁৰ নাম ধৰিয়েই কওঁ-- তেওঁৰ নাম মালতী। মোক তেওঁৰ ঘৰত অতিথি হোৱা দেখি মালতীৰ খকো- মকো এখন লাগি পৰিল। বহিবলৈ দিবলৈ একো নাই; ইপোনে তেওঁৰ কানি কাপোৰ যি আছিল সকলো তিতি যায়? মই নিজে এচলা পাট টানি আনি বহিলোঁ, আৰু তেওঁক বয়- বস্তুবোৰ চাবলৈ কলোঁ। অলপ পাছতে বৰষুণ এৰিলে। কান্দনৰ পাছত লৰাৰ মুখৰ হাঁহিৰ নিচিনা, সূৰ্যৰ কিৰণে গছৰ আগ জিমিকাই দিলে। কেতিয়াবাৰপৰা মালতীক দুটা বা এটা কথা সুধিম বুলি ভাবিছিলো; এতিয়া অলপ আজৰি পাই সুধিলে।। মালতীয়ে যি কলে তাক তেওঁৰ কথাত কোৱা টান, মোৰ নিজা কথাতে কওঁ।