পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নৈৰ দাঁতিত

( ১ )

 তেতিয়া শাওণৰ মাহ, বাৰিষাৰ দিন। কেতিয়া কৰপৰা বৰষুণ আহি উটাই বুৰাই জুৰুলা-জুপুৰা কৰে, কবই নোৱাৰি। এদিন নৈ এখন পাৰ হৈ কিবা কামত আন এখন গাৱলৈ গৈছিলোঁ; আহোঁতে এনেকুৱা এজাক লৰা-ধপৰা, বৰষুণে পাই নিজৰ ক্ষমতাখিনি ভালকৈ দেখুৱাই হে এৰিলে। ছাতিটি তৰি কুকুৰখুজীয়া লৰ দি আহোতে নৈৰ কাষৰ বাটতে বুঢ়ী এজনীক লগ পালোঁ। নৈৰ দাঁতিত এটি পঁজা; সেইটি বুঢ়ীজনীৰ ঘৰ। বৰষুণৰপৰা ৰক্ষা পৰিবৰ আশাৰে সেই ঘৰটিতে সোমালোঁ। কিন্তু ঘৰটিৰ চালৰ লগত খেৰৰ কেতিয়াৰপৰা মনোবাদ কব নোৱাৰোঁ, ভালকৈ মনি চালেহে খেৰ থকা বুলি জানিব পাৰি;— আজিকালিৰ বিশ্ববিদ্যালয়ৰ ডেকাসকলে হলে বিত-চকুৰ সজ ব্যৱহাৰ কৰিব পাৰিলেহেতেন! বৰষুণৰ পানী অবাধে ঘৰৰ ভিতৰত পৰিছিল; মজিয়াত যিবোৰ গাঁত আছিল সি পানীৰে পূৰ হৈছিল; আৰু তাৰে লগত ভাত-ৰন্ধা আখাৰপৰা পানী মিহলি হৈ ঘৰৰ ভিতৰতে নতুন প্ৰয়াগৰ সৃষ্টি কৰিছিল, অৰ্থাৎ গঙ্গা-যমুনাৰ সঙ্গমৰ প্ৰতিৰূপ উৎপন্ন কৰিছিল। বুঢ়ীজনীৰ বয়স আঢ়ৈ কুৰিমান যেন দেখি; কিন্তু পাছত জানিব পাৰিছোঁ, একুৰি