পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
নৈৰ দাঁতিত

বেছি আনন্দিত আৰু শোভান্বিত হৈ উঠিল। কালীনাথে তেতিয়া তেওঁৰ পিতাকৰ ধন-সম্পত্তিৰ আশা এৰি দিছিল; নিজৰ ওপৰতে নিৰ্ভৰ কৰি সংসাৰৰ ভাৰ চলাইছিল, লৰা-তিৰোতক পোহ-পাল দিছিল; আৰু সোণৰ অলঙ্কাৰ, ভাল ভাল কাপোৰ, গোন্ধথকা তেলৰো খৰছ-পাতি যোগাব পাৰিছিল; বৰ টানত পৰা মানুহক দুটি এটি পইচাও দিব পৰা হৈছিল।

(৬)

 এনেতে কালীনাথৰ পিতাকৰ মৰণৰ সময় উপস্থিত হল। ঘৈণীয়েকে পুতেকৰ কথা বৰকৈ কান্দি কাটি কোৱাত তেওঁ কালীনাথক আহিবলৈ দিবলৈ সন্মত হল। কিন্তু পণ্ডিতসকলে ব্যৱস্থা দিব নোৱাৰিলে যে কালীনাথে পিতকৰ কাজ-কাম কৰিব পাৰিব। ইফালে একো সঠিক হবলৈ নৌ পাওঁতেই পিতাকৰ মৃত্যু হল; ভতিজাক এজনে তেওঁৰ কাজ-কাম সমাপন কৰিলে।

(৬)

 কিন্তু হাজাৰ হওক, মাকৰ মন বৰ কোমল আৰু বৰ চেনেহৰ। কালীনাথৰ মাকে শাস্ত্ৰ-সমাজ সকলোকে কাতি কৰি থৈ কালীনাথক ঘৰলৈ আনিবলৈ ঠিক কৰিলে; আৰু সেই উদ্দেশ্যে নাও মানুহ পঠিয়ালে; কালীনাথে ঘৰৰ বিবৰণ শুনি, আদৰৰ মাকৰ সুখ ভাবি নাৱত উঠিল, সকলোৱে ঘৰ বুলি