পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


গোলাপহঁতৰ * তাত, পমিলীয়ে কয়
সখীক নোযোৱাঁ জানো চাই আজি তুমি?
বলা যাওঁ গোলাপক চাই লওঁ গই।”
‘এৰা বাই ! আহাঁ যাওঁ তাতে বহোঁগই
সখীক আাজিয়ে দুয়ো দেখিশুনি লওঁ।
অাৰুতো নাপাম? আৰু নেদেখোঁ সখীক
হেপাহ গুছাই আজি কথাবাত্রা হওঁ ।
এই বুলি কই ৰাণী পমিলীয়ে সতে
আকউ ধৰিলে যাব’ লাহেলাহেকই;—
অলপ দূৰই হই, অলপ পাছতে
গোলাপী সখীৰ দুয়ো ঘৰ পালে গই।
ঘোৰ টোপনীত সখী গোলাপী আইতী,
মাকো ঘোৰ টোপনীত সাৰ সুৰ নাই ”
“সখি! সখি! উঠাছোন!” চিয়ঁৰি চিয়ঁৰি
ৰাণীয়ে সখীক পাছে তুলিলে জগাই।
সাৰ পালে গোলাপীয়ে চালে চকুমেলি
কুঁৱৰীৰ বেশ দেথি হল আচৰিত!
শুধিলে, কি কথা সখি ! কিয় দেখো আজি
এনুৱা তোমাৰ হায়! বেশ বিপৰিত?
হাঁহিমুৱা মুখ খনি কান্দো-কান্দো হল
কিনো বিষাদত সখি? কোৱাঁ সখি মোক;
কিয়নো আনন্দ, হায় ! নাই অন্তৰত?

———————————————————
*গোলাপীক পমিলী বুৰীয়ে গোলাপ বুলি মাতে