পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কমতাপুৰ ধ্বংস কাব্য।


পাহৰিছে বিৰহিনী বিৰহৰ জুই,
পুত্র শোকাতুৰা মাকে শােক পুতেকৰ!
দুৰ্ভগীয়া পাহৰিছে বিষয়ৰ জ্বালা,
দাসত্ব দোলৰ চেপা, তাপ সংসাৰৰ।
আহা! কি মধুৰ ভাব! সকলো সমান,
সকলােটী একাকাৰ, নাই একো ভিন
কি অৰণ্য কি নগৰ ওখৰা ওখৰি
অনন্ত এন্ধাৰে ভৰা, সকলাে অচিন
অনন্ত ব্ৰহ্মাণ্ড, আহা! নীৰৱতা ভৰা!
জগতৰ প্রাণী অজি ঘােৰ টোপনীত!
নাই কতো কোনাে কাৰো সবে অচেতন।
এনুৱা কালত হায়! এনে মহা নিশা
পমিলীয়ে সতে যায় দুখুনী কুঁৱৰী
বাজ হই নগৰৰ, বিষাদ মনত
হৃদয়ৰ শােক, তাপ সুঁৱৰি সুঁৱৰি।
আগে আগে যায় ৰাণী পাছত পমিলী
পকিমুৰী কুঁজী বুৰী কুঁজা কুজ কই
লাখুটীত দিদি ভেজা, ককালত বিষে
মাজে মাজে ধৰে, পুনু ৰয় পােন হই।
কাঢ়িব নােৱাৰে খােজ, বল নাইকিয়া
হাবাথুৰি খালে বুৰী ফোঁপাই জোঁপাই!
“বহোঁছোঁ অলপ তেনে” কলে কুঁৱৰীয়ে,
ভাগৰ লাগিছে যদি বুৰাগাত, বাই।”
“নবহো ইয়াত আই! বহোঁগই বলাঁ