সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কমতাপুৰ ধ্বংস কাব্য।


বিষাদেৰে ভৰা কিয়? পোৱাঁ কেনে শোক?
তোমাক এনুৱা দেখি, এনেকুৱা বেশ,—
কঁপিছে পৰাণ মোৰ, –থিৰেৰে নৰয়!
কোৱাঁ সখি! আজি কিয় যোগিনীৰ দৰে
আহিছাই মহা নিশা অন্ধকাৰ ময়?”
গোলাপীৰ কথা শুনিটুকি চকু পানী
কুঁৱৰীয়ে কলে কথা এটা দুটী কৰি;
(আদি অন্ত সকলোৰে) বিষাদ মনত
হৃদয়ৰ শোক তাপ সুঁৱৰি সুঁৱৰি॥
শুনি কুঁৱৰীৰ কথা(সখীৰ স্নেহত)
গোলাপীয়ে দুখে শোকে কান্দিব ধৰিলে!
“এয়ে কি আছিলে, সখি, তোমাৰ ভাগ্যত”
এই বুলি টোপা টোপে চকুলো টুকিলে॥
নাকান্দিবা আৰু তুমি” কলে কুঁৱৰীয়ে,--
আছিলে ভাগ্যত যেনে, ঘটিছে তেনুৱা!
বিধতাৰ ইচ্ছা, সখি! নোৱাৰি খণ্ডাব,
নকৰা মিছাতে আৰু শোক এনে কুৱা॥
এৰি দিয়া শোক সখি! মাগিছোঁ বিদায়।
এয়ে শেষ দেখা দেখি, আৰু নেদেখিম।
শোক দুখ বেজাৰত অৰণ্য মাজত
সুঁৱৰি তোমাক মাথোঁ বিৰলে কান্দিম।
দুর্ভাগ্যৰ ফেৰ্‌ সখি ! আজি শেষ হল
হৃদয়ৰ আশা মোৰ! সখীৰ প্ৰেমত
বান্ধিছিলোঁ কত কথা মিলি দুয়োজনে