পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত ৰঙ্গে কতদিন বছি গোপনত।
কত সময়ত সখি কত যে ধেমালী
কৰিছিলোঁ দুয়ো মিলি আনন্দ মনত
একে লগে পঢ়ি পঢ়ি কত হাঁহিছিলোঁ
ছোৱালী কালৰ হায়! সখীৰ প্ৰেমত।
গন্ধৰ্ব্ব লোকৰ দুটী ছোৱালীৰ দৰে
বাচিছিলোঁ একে ফুল একে কাপোৰত!
কত সুখে একে লগে বহি দুয়োটীয়ে
গাইছিলোঁ কত গীত শুৱলা সুৰত।
হায় সখি! যেন একে হাত একে সুৰ
একে প্ৰাণ, একে দেহ একেই সকলো
সেই দৰে, একে লগে ধৰা ধৰি কই
আমি দুয়ো সখী সখি! একেই বাঢ়িলোঁ!
যেন দুটি কলাপুলি সৰল কোমল,
স্বতন্ত্ৰ, অথচ, দুয়ো গঁথা মূলে মূলে!
একোটী ঠাৰিতে যেন দুটী ফুলা ফুল,
একে প্ৰাণ, তথাপিও ভিনে ভিনে ফুলে!
বাঢ়িলো ইদৰে, সখি! আমা দুয়োটীয়ে
কিন্তু সি সপোন মোৰ আজি হল শেষ!
মোত লাগি সখি! আৰু নকৰাঁ বেজাৰ!
শেষ দেখা আজি! মোক নিদিবা কেলেশ!”
এই বুলি কুঁৱৰীয়ে ৰল মনে মনে
তপত চকুলো টুকি নীৰলে চকুত।
দুখ বেজাৰৰ তাপ সহিব নোৱাৰি