কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/পঞ্চম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৪৮ ]
পঞ্চম সৰ্গ।
⸻⸻

"⸺What committed?
Heaven's stops the nose at it, and the moon wink
The bawdy wind, that kisses all it meets,
Is hush'd within the hollow mine of earth.
And not hear it, what committed."
                           ⸻Shakespeare.

 ধোঁৱা বৰণীয়া সাজ পিন্ধি দেবী
 আহি উপস্থিত হল ধীৰে মৰতত।
 এটী ছুটী কৰি চাকি উঠিহে উজ্জ্বলি,
 উঠিলে জগত মাতি “সন্ধ্যা প্ৰসঙ্গত।”
 ৰিব্‌ ৰিব্‌ কৰি বলে মলয়া বতাহ
 নইৰ বুকত ধীৰে চউ নচুৱাই,
 নাচিছে গছৰ পাত ওলমি দালত
 ঘনে ঘনে তললই মূৰটী দোঁৱাই।
 আধাফুলা ঢোপাকলি মালতী জুতীৰ
 গাভৰু বিলাকে মালা গাঁথে অনন্দত
 হাবিয়াস কৰি কোনে অঁৰিছে দিঙ্গিত,
 থোপা বান্ধি কোনোৱেবা পিন্ধিছে মূৰত।

[ ৪৯ ]

কাউৰী শালিকা পখী বাঁহে বাঁহে গল,
হইছে মাথােন ফেঁছা ধোন্দৰ বাহিৰ।
কুউ কুউ গীত আৰু নাগায় কুলীয়ে
বজায় জিলিয়ে বীনা মাথোঁ জিৰ জিৰ।
তিয়াগি পদুমবণ অবােধ ভােমােৰা,
মধুৰ লােভ পৰে কেতেকী ফুলত।
কিন্তু মধু পাব কত? পায় মথোঁ দুখ,
চিগিছে মাথােন পাখী পৰি কাইটত।
হৰিষত ভেঁট ফুলে চকুদুটা মেলি
আকাশৰ ফালে চায় জোন মনােহৰ,
জিকি-মিকি জ্বলে তৰা উলাহ মনত,
জোনাকী পৰুৱা দুখে তাপিত অন্তৰ।
কাজ-কৰমৰ পৰা আহিলে সকলে,
পঢ়ি শুনি আহিঘৰ পালেহি ছাতৰ।
বিমল আনন্দে তাৰ ভৰিলে হৃদয়,-
পােৱা মাত্ৰে ঘৰ, হল হৰি অন্তৰ॥
“দাইতা! দাইতা!” বুলি হাত দুটী মেলি
মউ-সনা কথা কই উঠিলে কোলাত
আনন্দ মনেৰে সােন (প্ৰানৰ ভতিজা)!
দাইতাৰ যত দুখ লুকালে হিয়াত।
 লাহে লাহে হল নিশা, পৃথিবী নীৰব,
অথিৰ-অবিৰ হিয়া হইছে সুথিৰ।
ধীৰে ধীৰে সোৱৱনী আনে তাৰ ছবি,-
যি জ্বলালে অকালত হিয়া দাইতিৰ॥"

[ ৫০ ]

চুবুৰীয়া, পেহী, মাহী, চিনাকী ৰঘুৱে
(হল আজি বহু দিন!) তাক পাহৰিলে।
হিয়াৰ মাজত কিন্তু, আছে দাইতিৰ
তাৰ সেই ছবি অঁকা, নাযায় ঘহিলে॥
সুঁৱৰি লাহৰী মুখ পোৰ নাতিনীৰ
বুৰী মাকে কান্দে হায়! এনুৱা কালত!
পুতেকৰ শোকে কান্দে অভাগিনী মাকে,
চকুত চকুলো টুকি শোক-বিষাদত॥
এনে সময়তে বহি চৰাৰ মাজত
শোকে দুখে খঙ্গে ৰজা জৰ্জৰিত হই,
দাৰুণ ক্ৰোধত আৰু শোক সন্তাপত
বুলিব ধৰিলে চাই কোটোৱাললই
মন্ত্ৰীৰ পুতেক নন্দ, বিশ্বাস ঘাতক,
“নৰাধম, পাপ মতি গইছে তীৰ্থত।
উলটিছে জানো, যাছোঁ বিচাৰি তহঁতে,
যতে পাৱ কাটি তাক পেলাবি বাটত॥
দেখিবি নোৱাৰে যাতে সোমাব ৰাজ্যত
জীয়াই থাকোতে ইষ্ট! পাপ মুখ তাৰ
নেদেখোঁ চকুৰে ফেন; যেনে তেনে কৰি
বধিবই লাগে তাক, কুলৰ এঙ্গাৰ॥"
এই বুলি আৰু কিবা কলে মনে মনে,
কোটোৱাল সব হল ৰজাত বিদায়।
ৰজাও সোমাই গল শোৱনী কোঠাত,
বুলিব ধৰিলে ক্ৰোধে কুৱৰীক চাই॥

[ ৫১ ]

“বিশ্বাস ঘাতিনী তই, কলঙ্কিনী তিৰী,
আনিলি কলঙ্ক তই পবিত্র কুলত।
পিশাচিনী তই দুষ্টা! তিৰুতা জাতিৰ,—
নোৱাৰ থাকিব আৰু ইৰাজ পুৰত॥
ডাকিনী সাপিনী তই মিছাতেই, হায়
গাখীৰ খুৱাই তোক পালিলোঁ যত্নত।—
এৰিব নোৱাৰি কিন্তু জাতীয় স্বভাৱ,
বিৰলে দংশিলি মোক হিয়াৰ মাজত॥
কলঙ্কিনী তই হায়! নকৰিবি আৰু
কলঙ্কিত ৰাজ-পুৰি পবিত্র নিৰ্ম্মল।
আৰু নাসানিবি মলি ইৰাজ বংশত
(চিৰ গৌৰবেৰে ভৰা, উজ্জ্বল, বিমল)॥
এইবুলি, মাতি ৰজা কলে পমিলীক,
(ৰাণীৰ লগৰ বেটী)“যদি লাগে ভয়,
“লইয়া মানুহ আৰু এই পাপিনীক
ৰাজ্যৰ বাহিৰ কৰি থই আহগই॥
মাটীয়ে মাটীয়ে নিবি খোজ কাঢ়ি যাব,
পাপিণীৰ মুখ আৰু নাচাওঁ চকুত।
এই মুহুৰ্ত্ততে যক, এই ৰাতিয়েই।
দাৰুণ ক্ৰোধৰ জুই জ্বলিছে বুকুত॥”
অকস্মাতে স্বোৱামীৰ এনে কথা শুনি
অজিলী কুঁৱৰী, হায়! হল বিমূৰ্চ্ছিত॥
জ্ঞান পাই পুনু, পাছে বুলিব ধৰিলে
কাতৰে ৰজাৰ ধৰি চৰণ দুটীত;

[ ৫২ ]

“এনেকুৱা ভাবান্তৰ কিয় হল, নাথ?
কি দোষত দোষী মই! কিয় অকস্মাত
পিশাচী, সাপিনী বুলি গালি পাৰা মোক?
কলঙ্কিনী বুলি শেল মাৰিলা হিয়াত।
অত দিন হল হায়! কোনো দিনে মোক
পাই কোৱা এনে কথা তুমি, প্ৰাণনাথ॥
কেনে কলঙ্কত মই আজি কলঙ্কিণী?
কেনুৱা দোষত মোক ত্যজিছা হঠাত।
জ্ঞান বিশ্বাসত, নাথ, নাই কৰা দোষ,
নাই কৰা কোনো পাপ, কলঙ্কিত কাম।
এনুৱা নিৰ্দ্দয় তুমি কিয় হলা আজি?
কোৱা প্ৰাণনাথ! “মোৰ জ্বলিছে পৰাণ॥”
“কোন তোৰ প্ৰাণনাথ, কুল কলঙ্কিনি?”
কঠোৰ মাতেৰে চাই বুলিলে ৰজাই,
“যি দহিলি, সেয়ে হল আৰু নুুপুৰিবি
হৃদয়ৰ বন মোৰ অগনি জ্বলাই॥
যি কৰিলি, সেয়ে হল, আৰু কলঙ্কিত
নকৰিবি দেহা মোৰ বুলি প্ৰাণনাথ, ।
পিশাচীৰ মুখে শুনি তেনুৱা শবদ,
ক্রোধ অগ্নি জ্বলে মোৰ তাপিত হিয়াত॥”
“কি কৰিলোঁ প্ৰাণ নাথ?” শোধে কান্দি কান্দি
সৰলতা ভৰা হায়। আজলী কুঁৱৰী।
“তুমি মোৰ প্ৰাণ পতি, হৃদয়—দেৱতা,
নুবুলি তোমাক নাথ’ থাকো কেনে কৰি?

[ ৫৩ ]

তিয়াগিলে মোক নাথ! পোৱা যদি সুখ!
একো কথা নাই, মই এই গুছি যাম,
ৰাজ্যৰ বাহিৰ হই, কিন্তু কোৱা শুনো
কি দোষ কৰিলোঁ? উস্‌! জ্বলিছে পৰাণ॥
শুনি যাওঁ, কোৱাঁ, নাথ! কি দোষত আজি
কৰিছা তিয়াগ মোক ভাবি কলঙ্কিনী!
মনৰ মুকুৰি ভাঙ্গি , দিয়াঁ যাবলই,—
অাছে মনে খু-দুৱাই, নাপাওঁ তৰনী॥”
অতকথা আৰু তোৰ শুনিব নোখোজোঁ,
জ্বলিছে অগনি মোৰ হিয়াৰ মাজত!
চাবলই মুখ তোৰ আৰু। নাই ইচ্ছা
এই জনমত, আৰু এই নগৰত॥
যি কৰিলি, কলঙ্কিনি দেখিছে ঈশ্বৰে
নকওঁ সি কথা মই, নোলায় মুখত।
আকাশৰ চন্দ্ৰ সূৰ্য্যে দেখিছে চকুত
কবলৈ জ্বলে জুই অথিৰ বুকুত॥”
এই বুলি ক্ৰোধে ৰজা কলে পমিলীক
লইযা ই পাপিনীক এই খন্তেকত
ৰাজ্যৰ বাহিৰ কৰি-কাইলই পুৱা
নেদেখো ই মুখ যেন এই নগৰত॥”
এই বুলি খঙ্গে ৰজা আহিলে ওলাই
কোঠাৰ বাহিৰ হই বুলনীৰ ফালে।
কান্দি কাটি বহু ৰানী ইনাই বীনাই
পমিলীক লই পাছে যাবলৈ ওলালে॥

[ ৫৪ ]

শোলোকালে মনি-বিৰি বাখৰুৱা খাৰু
বালী-চৰি, শিংখাপৰ সাজ বন কৰা;
এলেধুৱা সাজ পিন্ধি, তপসিনী বেশে
সাজু হল যাবলই ৰানী শোক-ভৰা॥
“লাহৰী দেহৰ পৰা” কলে পমিলীয়ে
“কিয়নো হৰিছা, অাই! এনুৱা সুন্দৰ
অলঙ্কাৰ, সাজ পাৰ? এই বয়সত
যোগিনীৰ বেশ কিয়? কান্দিছে অন্তৰ॥
খঙ্গত কইছে ৰজা কিবা দোষ পাই;
মাৰ গলে খঙ্গ তেওঁ পুনু হব ভাল।
সি কথাত খঙ্গ খাই নালাগে ওলাব
যাবলই,–আই। পিছে ঘটিব জঞ্জাল॥
স্বোৱামীয়ে গুৰু আই! গুৰুৱে তোমাক
খঙ্গত কইছে কিবা, নালাগিবা তাত।
এদিনত খঙ্গ কৰি, যদি কাটা পেট
ছমাহ শুকনী দিব লাগিব মিছাত॥
মোৰ কথা শুনা আই! নালাগে ওলাব
যাবলই কলইকো,-থাকাঁছোঁ ঘৰত
আজি ৰাতি,-চোৱাঁ আৰু, কাইলই পুঁৱা
কয়নে নকয় কথা তেওঁ মৰমত॥
“স্বামী মোৰ গুৰু বাই! স্বোৱামী দেৱতা,
তিৰুতাৰ স্বামী ধন স্বামী অলঙ্কাৰ,
জানো মই সকলোটি, স্বামীৰে কাৰণে
তিয়াগিম আজি মই স্বার্থ আপোনাৰ

[ ৫৫ ]

যদি মই থাকোঁ হায়! তেও পাব দুখ
দুখদি তেওঁক মই নাথাকো স্বৰ্গত
আতৰিলে মই যদি তেওঁ সুখ পায়
থাকি কি কৰিম আৰু ইৰাজ পুৰত?
তিয়াগিলো সাজ পাৰ, মণি অলঙ্কাৰ,
ইটো তুচ্ছ কথা, —বাই! পাৰোঁ তিয়াগিৰ
পৰাণকো আপোনাৰ, যদি পায় সুখ
স্বোৱামীয়ে মোৰ,— পাৰোঁ আত্মবলি দিব॥
সংসাৰৰ সুখ ভোগ নিচেই অসাৰ!
তেনুৱা সুখত লাগি দিম স্বোৱামীৰ
মনত কেলেশ, বাই! নোহোঁ তেনে মই,—
নোহে ধৰ্ম্ম তেনেকুৱা আদর্শ তিৰীৰ॥
তপসিনী বেশে যাম তিয়াগি নগৰ,
সেই বুলি মোৰ একো দুখ নাই বাই!
কিন্তু কি দোষত আজি মোৰ এনে দশা?
তাক যে নাপালোঁ মই শুনি যাব হায়!
এই দুখে মাথো মোৰ দহিছে অন্তৰ!
এই এটী কথা মাথোঁ থাকিলে মনত!
বেলি নকৰিবা আৰু বলাঁ যাওঁ বাই—
ৰাজ্যৰ বাহিৰ হও ঘোৰ এন্ধাৰত॥
নহয় কইছোঁ কিনো! লাগিছে কেলেই
তোমাক লগত বাই? তুমিতো সদাই
নাথাকিবা ৰাখি মোক? অকলে অকলে
যাম মই,—আছে মোৰ ঈশ্বৰ সহায়

[ ৫৬ ]

ৰাখিলে ৰাখিব তেওঁ মাৰিলে মাৰিব
ৰখা মৰা সকলোটী তেঁওৰ হাতত!
কেলেই লাগিছে বাই! মিছা-মিছি কই
যাব তুমি মোৰে সতে নিশা দুপৰত?
মোত লাগি কিয় খাবা এনুৱা কেলেশ?
চকুৰে নমনা তুমি, বুৰী হলা বাই।
অকলে অকলে যাম নালাগে তোমাক
নাই ভয় বাই! মোৰ ঈশ্বৰ সহায়।৷”
এই বুলি শোকে ৰাণী ওলালে বাহিৰ
শোৱণী কোঠাৰ পৰা অকলে অকলে
সাজু হল যাবলই বেজাৰ মনত
চকুৰ চকুলো টুকি নীৰলে নীৰলে।৷
“অকলে নালাগে যাব, ময়ো যাওঁ আই।”
কান্দি কান্দি অতি অতি শোকে পমিলীয়ে কয়,
এই মহা নিশা হায়! অকলে তোমাক
কিরূপে পঠাওঁ? মোৰ পৰাণে নসয়।।
আজলী ছোৱালী তুমি ৰজাৰ কুঁৱৰী
সজাৰ মইনা ষেন থাকা ভিতৰত’
দেখা নাই বাট পথ, যাবা কেনেকই
অকলে অকলে তুমি এই এন্ধাৰত?
ময়ো যাম, আই মোৰ! তোমাৰ লগত,
কাৰ মুখ চাই আৰু ইয়াত থাকিম?
কোনেনো কৰিব আৰু বুৰীক মৰম
তোমাদৰে? এই শোক কিরূপে সহিম?

[ ৫৭ ]

তোমাৰ যেনুৱা দশা মোৰো হ’ব তেনে,
তুমি যোৱা বনলই, ময়ো তাতে যাম!
কি কৰিম থাকি মই ইৰাজ-পুৰত?
কি সুখত? আৰু আই! কাৰ মুখ চাম?
নাগিনী ৰাখিবলই লাগে শৰ জাঠি
নগাক,-নাগিনী যদি নাই কিয়া তাৰ
কি কৰিব শৰ জাঠি? লাগিছে কেলেই
শৰ-জাঠি অকথাত, মিছা মিছি ভাৰ?
তোমাক ৰাখিবলই দিছিলে লিগিৰী
তোমাৰ লগত মোক, যদি তুমি যোৱাঁ
ইৰাজ পুৰত আৰু লাগিছে কেলেই
দখুনী বুৰীক? আই। ভাবি তুমি চোৱাঁ।
দুখ হক সুখ হক, তোমাৰ লগতে
যাম মই, আহা! মোক নেৰিবা বুৰীক।
অপুত্ৰকা মই, মোৰ কোনোৱেই নাই
যোৱা লগতেই লই বুৰী লিগিৰীক।
এই বুলি শোকে বুৰী কান্দিব . ধৰিলে
ইনাই-বনাই, হায়! মনৰ বেগত!
বুৰীলই চাই পুনু কলে কুঁৱৰীয়ে
ঠোকা-ঠোকি ধীৰে ধীৰে, বেজাৰ মনত,—
মাইকীৰো এনে স্নেহে, এনুৱা মৰম
জীয়েকত আছে নাই নাপালো বুজিব!
সৰুতে মৰিলে আই! মাউৰী ছোৱালী।

[ ৫৮ ]

তোমাৰ এনুৱা স্নেহ পৰজীয়ৰীত?
চেনেহৰে ভৰা জানো তোমাৰ অন্তৰ।
চেনেহে ভৰাই জানো গঢ়িলে বিধিয়ে
তোমাক, জানোবা তুমি মুৰ্ত্তি চেনেহৰ।
উপৰি জন্মত তুমি জানোবা আছিলা
মোৰ আই। সেই বুলি স্নেহ এনেকুৱা
তোমাৰ মোলই বাই! সেই বুলি জানো
অন্তৰে সইতে মোক এনে ভাল পোৱা।
বলা বাই! যদি তুমি থাকিবা লগত
স্বৰ্গ সুখ ভোগ মোৰ ঘটিব বনত।
এই বুলি কুঁৱৰীয়ে পমিলীক লই
ঘৰৰ বাহিৰ হল ধীৰ ধীৰ কই ।