পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
কমতাপুৰ ধ্বংশ কাব্য

কান্দিব ধৰিলে মূৰ সুমাই বুকুত।
“হায়! সথি ৰজানেকি এনুৱা নিৰ্ম্মম”
ৰানীলই চাই কান্দি গোলাপীয়ে কয়,
“নাই কি তেওঁৰ, হায়! একো বিবেচনা!
ত্যজিলে তোমাক! তেওঁ এনুৱা নিৰ্দ্দয়?
“কিয় সখি! দিছা দোষ মিছাতে ৰজাক?
আপোনাৰ ভাগ্য বেয়া কিহব দোষিলে
মিছাতে লোকক সখি! আছিলে ভাগ্যত
সেই বুলি মোৰ আজি এনুৱা ঘটিলে।”
এই বুলি কুঁৱৰীয়ে ধৰিলে সাবতি
চেনেহেৰে গোলাপীক কান্দি কান্দি কলে
"যাওঁ, সখি। দিয়াঁ মোক সাদৰে বিদায়,
আৰু বেয়া হব মোৰ ৰাতি পুৱা হলে।"
"কিয় যাবা সখি। তুমি অকলে অকলে?
তোমাৰ লগতে যাম ময়ো বনলই।
একে লগে হলোঁ বৰ, বাঢ়িলোঁ দুজনে,
এতিযাকি যোৱা তুমি মোক এৰিহাই?
তুমি এৰি গলে সখি! আজি পৰা আৰু
হৃদয়ৰ কথা কাক কম উলিয়াই?
কেনেনো কৰিব মোক মৰম সাদৰ
এই নগৰত? মোৰ আৰু সখী নাই।”
"অকলে অকলে থই দুখুনী মাৰাক
কি যাবা মোৰে সতে তুমি বন লই?
কিৰূপে থাকিব মাৰা অকলে ঘৰত?