কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/একাদশ সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১১৬ ]

একাদশ সৰ্গ।

⸺<>⸺

“—Being fed by us, you use us so
As ungentle gull, the cuckoo’s bird
Useth the sparrow: did oppress uor nest
Crew by our feeding to so great a bulk.”
     ⸻Shakespeare.

 ৰাণীৰ কাষত বহি আকউ ঘৰত
আছে কমতাৰ ৰজা সন্তোষ মনত
গছৰ দালত যেন শালিকীক লই
শালিকা চৰাই বহে আনন্দিত হই।
যেনুৱা সুখত সুখী আজি দুয়োজন,
কিৰূপে বৰ্ণাব কবি? নাই এনে মুখ্,
বৰ্ণাব যি মুখে পাৰে হৃদয়ৰ ভাব,
আনন্দ নইৰ ঢউ, দুয়োটীৰ সুখ।
এনেতে আহিলে এটী নগৰ ৰখীয়া,
আঠুু কাঢ়ি, সেৱা কৰি কবলই ধৰে
“দোৰ্ঘোৰ বিপদ ৰজা! দুৱাৰত শক্ৰ!
দুৰ্জ্জন গৌৰীয়া সেনা আক্ৰমণ কৰে!
শীঘ্ৰ কৰি সৈন্য সেনা দিয়া পঠিয়াই,
নতুবা, কমতাপুৰ আজি ধ্বংশ পায়!

[ ১১৭ ]

শুনা ৰজা! শুনা কৰে শত্ৰুৰে গৰ্জ্জন
হৰি নিব কমতাৰ স্বাধীনতা ধন!”
এই বুলি কয়ে ৰল নগৰ ৰখীয়া,
ৰাণীলই চাই পাছে বুলিলে ৰজাই
“দুৱাৰত গৰ্জ্জে আহি দাৰুণ শত্ৰুৱে,
যুদ্ধ লই যাওঁ মই, দিয়াঁহে বিদায়।
জনা বুজা তুমি প্ৰিয়ে। ৰজাৰ কুঁৱৰী,
ৰাজধৰ্ম্ম সকলোটী বিদিত তোমাৰ;
ৰখাব নোৱাৰোঁ যদি স্বাধীনতা ধন,
কি বিলই হব হায়! পাছত আমাৰ!”
স্বোৱামীৰ কথা শুনি কলে কুঁৱৰীয়ে
“বুজাব নালাগে মোক, জানোঁ নাথ! মই
যোৱাঁ যুদ্ধলই তুমি, বিপক্ষক জিনি
অতি শীঘ্ৰে জয়ী হই ঘুৰি আহা গই।
যোৱাঁ নাথ! যোৱাঁ তুমি, ৰাখিব ঈশ্বৰে
মঙ্গলে তোক ঘোৰ শত্ৰুৰ মাজত।
ৰক্ষা কৰা কমতাৰ স্বাধীনতা ধন,
নতুবা কলঙ্ক হায়! থাকিব মৰ্ত্তত।”
“যেনুৱা উৎসাহ বল দিলা হৃদয়ত”
ৰাণীলই চাই ধীৰে বুলিলে ৰজাই
“নিশ্চয়ে শক্ৰক জিনি ৰণজয়ী হম,
সন্দেহ ইয়াত প্ৰিয়ে! আৰু একো নাই।”
এই বুলি ৰণ সাজ পিন্ধিলে ৰজাই,
বেগা বেগিকই গ’ল সেণাৰ কাষত।”

[ ১১৮ ]

সাজি পাৰি সৈন্য সেনা সবে সাজু হ'ল
বুলিব ধৰিলে ৰজা উৎসাহ মনত:
“কমতাৰ সৈন্য সেনা! কমতাৰ আশা!
সাজু হোৱা সবে, লাগে যুদ্ধ দিবগই
গৌৰীয়া সেনাৰ স’তে; পাপীষ্ঠ যৱনে
আহিছে ৰাজ্যৰ লক্ষ্মী হৰি নিবলই!
অকালত উঠে আজি কলীয়া দাৱৰ!
বীৰ বেশে কমতাত পাপীষ্ঠ যৱন!—
মনত বাসনা জানো, পৰাজয় কৰি
কমতা সেনাক, হৰে স্বাধীনতা ধন!
সাজু হোৱা, সৈন্য সেনা। নতু, জন্মভূমি
মাতৃ সম কমতাক লুঠিব যৱনে!
পুত্ৰ সম তোমালোকে কি কৰি সহিবা
মাতৃৰ কেলেশ? হায়! হৃদয়ে স’বনে?
হেৰুৱাই স্বাধীনতা, দাস যৱনৰ
হ’বলই নেকি হায়। কাৰো ইচ্ছা যায়?
স্বৰ্গাদপি গৰীয়সী জনম ভূমিক,
মাতৃসম কমতাক শোকত বুৰাই?
সৈন্য সেনা সবে চাই বুলিলে ৰজাক,
বীৰোচিত সুৰে কৰি গভীৰ গৰ্জ্জন:—
স্বাধীনতা মহাৰত্ন, তেনে ৰতনক
পাৰেকি শক্ৰৱে নিব থাকোতে জীবন?
কমতাবাসীৰ নাম থাকে যত বেলি,
যেতিয়ালইকে প্ৰাণ থাকিৰ আমাৰ,

[ ১১৯ ]

পাৰে কি গৌৰীয়া সেনা লুটিব মাতৃক,
বীৰ পুত্ৰ এতিয়াও ভৰি আছে যাৰ?
বলা মহাৰাজ! যাওঁ এই মুহুৰ্ত্ততে
গৌৰীয়া সেনাৰ নাম সমূলে নুমাও!
শিয়াল পোৱালী হই সিংহে স'তে যুজে!
কোন সাহসত মাথো ভাবিয়ে নাপাওঁ!”
“কৃতজ্ঞ সন্তান যদি হোৱা কমতাৰ”
সেনালই চাই পুনু বুলিলে ৰজাই “
ৰাখিব খোজাহে যদি জাতীয় সম্মান,
সাজু হোৱা আজি হিয়া সাহসে ভৰাই!
ৰাখিবৰ মন যদি স্বাধীনতা ধন,
যৱনক কৰা ধ্বংস কৰি প্ৰাণপণ!
ৰাখা মান, জন্ম ভূমি কমতা নগৰ,
নতুবা, কমতা আজি হ’ব যৱনৰ!
“কি বুলি মহাৰাজ! হ’ব যৱনৰ
স্বৰ্গাদপি গৰীয়সী কমতা নগৰ?
যেতিয়ালইকে ব'ব তেজ শৰীৰত,
নোৱাৰে সোমাব শক্ৰ নগৰ মাজত!
ইচ্ছা কৰিনেকি হায়! দিম মহাৰাজ!
কলঙ্কৰ ছাই সানি কুল-গৌৰৱত
স্বাধীনতা মহাধন অমূল্য ৰতন?
দিমনকি তেনে ধন শক্ৰৰ হাতত?
পৰাধীনতাৰ হায়! বিষাক্ত শিকলি
কমতা বাসীয়ে নেকি পিন্ধিৰ দিঙ্গিত!

[ ১২০ ]

নাভাবিবা এনে বুলি তুমি মহাৰাজ!
কমতা সেনাৰ নোহে এনেকুৱা চিত।
সকলো সুখৰ ঠাই জনমৰ ভূমি
ৰাখিব নোৱাৰোঁ যদি ,কিয় হাতে হাতে
লইছোঁ মিছাতে আমি চোকা তৰোৱাল?
দুখনি যে আছে হাত, সিও কি মিছাতে?”
এই বুলি সৈন্য সেনা সবে সাজু হ’ল,
উঠিলে শবদ জয়। কমতাৰ জয়!
গ’ল সবে যুদ্ধলই ৰজাৰে সইতে
ত্যাগ কৰি আপোনাৰ পৰাণৰ ভয়।
নগৰৰ বাজ হই পালে যৱনক
ইদলে সিদলে হ’ল বহু বেলি ৰণ,
মৰা-মৰি, কটাকটি হ’ল দুদলৰে
তিষ্ঠিব নোৱাৰি পাছে পলাল যৱন।
শক্ৰৰ মাজত দেখি আপোন মন্ত্ৰীক,
আচৰিত হই ৰজা ধৰিলে বুলিব,
এতিয়া জানিলো মন্ত্ৰী! কেনে কই পালে
কমতা পুৰত আজি যৱন অহিব!
তীৰ্থলই যাওঁ বুলি গ’লা গৌৰলই,
শক্ৰক দেখালা আনি আপোনাৰ ঘৰ?
এয়ে কি তোমাৰ মন্ত্ৰী! ভাল বিবেচনা?
দেশদ্ৰোহী হ’লা-ল’লা পক্ষ বিপক্ষৰ
জনাবুজা তুমি মন্ত্ৰী! পবিত্ৰ ব্ৰাহ্মণ
কুলত তোমাৰ জন্ম; কিন্তু কি কাৰণ

[ ১২১ ]

দেশদ্ৰোহী হই, কৰা ধবংস জন্ম ভূমি!
এনুৱা ধৰম হায়! ক’ত পালা তুমি?”
ৰজাৰ কথাটী শুনি বুলিলে মন্ত্ৰীয়ে,
নিন্দি যে মোক তুমি দেশদ্ৰোহী বুলি,
তুমি কি নোহোৱা ৰজা! ব্ৰহ্ম-বধী পাপী?
তোমাক সি পাপে নেকি নোচোৱে সমূলি?
বিপদত পৰি আজি বিচাৰিছা ধৰ্ম্ম?
নিবিচাৰি তুমি কিন্তু বামুণ মাৰিলা
নিশ্চয় জানিবা তুমি, সি মহা পাপত
আপোনাৰ সুখ শান্তি আপুনি নাশিলা!”
“নিবিচাৰি সচা মন্ত্ৰী মাৰিলো ব্ৰাহ্মণ,
সি পাপৰ প্ৰতিফল আপুনি ভূগিম
কিন্তু কি কাৰণে তুমি আনিলা বিদেশী”
কমতা পুৰত? হায়! কিৰূপে সহিম?
মই পাপী ব্ৰহ্মবধী, মোক ৰজা ভাঙ্গি
আন এজনক ৰজা কিয় নাপাতিলা?
এটাৰ দোষত লাগি, কিয় জন্মভূমি
শত্ৰুৰ হাতত আজি ধ্বংসিব খুজিলা?
মোৰ পাপতেই কিয় যাব কমতাৰ
স্বাধীনতা মহাধন, অমূল্য ৰতন?
এনে নীতি পালা কত? কেনুৱা শাস্ত্ৰত?
এয়ে কি তোমাৰ হায়! পবিত্ৰ ধৰম?
বিপদত পৰি আজি বিচাৰিছোঁ ধৰ্ম্ম
কিয় এনে ভাব মন্ত্ৰী! ভাবিছা মনত?

[ ১২২ ]

পলাইছে শত্ৰুসেনা তিষ্ঠিব নোৱাৰি;
নাই পৰা আজি মই একো বিপদত।
কিন্তু প্ৰকৃততে তুমি অকাৰ্য্য কৰিলা,
ঘৰুৱা দ্বন্দত মাতি শত্ৰুক আনিলা;
দেশ-দ্ৰোহ মহাপাপ কৰি আচৰণ,
কলঙ্কিত কৰি ল’লা পবিত্ৰ জীৱন।
যাৰ খাই হ’লা তুমি দাঙ্গৰ দীঘল,
কোমল কোলাত যাৰ হ’লা অত বৰ,
তেনুৱা জন্মভূমিৰ চিন্তিলা অহিত?
এয়ে কি তোমাৰ মন্ত্ৰী! চিন ধৰমৰ?
নাভাবিবা মন্ত্ৰী! তুমি মই ভয় পাই
কইছো ইদৰে আজি; মোৰ শঙ্কা নাই;
নাই ভয়, নাই চিন্তা, থাকোতে জীৱন
কমতা কৰিব জয় নোৱাৰে যৱন।
মোৰ দোষতে যে তুমি শক্ৰক মাতিলা;
জনম ভূমিৰ হিয়া শেলেৰে বিন্ধিলা।
সি কাৰণ মাথোঁ মন্ত্ৰী। পাইছোঁ বেজাৰ,
মোৰ দোষতেই কিয় দুখ কমতাৰ?
নোদোষিবা ৰজা! মোক; ৰজাৰ দোষত
ৰাজ্য নাশ, অমঙ্গল ঘটেই ৰাজ্যত।
উলুৰ লগত পোৰে জুটুলা বগৰি;
কি হ’ব এতিয়া আৰু নিয়ায় বিচাৰি?”
“বিধতাৰ ভূল মন্ত্ৰী। যদি সেয়ে হয়,
ধীৰেৰে মন্ত্ৰীক চাই নীলাম্বৰে কয়,

[ ১২৩ ]

“বিধতাৰ অবিচাৰ! লোকৰ লগত
পুৰিদেই চাই হ’ব লোকে অদোষত!”
* * * *
আকউ গৌৰীয়া সেনা আহিল উলটি,
ৰজাক ধৰিলে আহি চাৰুকাষে বেৰি;
কমতা-সেনাৰ কিন্তু জাঠিৰ খোঁচত
তিষ্ঠিব নোৱাৰি তাত, পুনু গ’ল এৰি!
* * * *
আকউ পলাই গ’ল যৱনৰ সেনা;
পাছে পাছে নিয়ে খেদি কমতা-সেনাই!
এই দৰে শক্ৰ সেনা ঘনে ঘনে হাৰে;
প্ৰাণৰ ভয়ত যায় সঘনে পলাই!


কমতাপুৰ ধ্বংস কাব্য (page 123 crop)