ভাঙ্গি-পিটি সকলোটী ক’লে কুঁৱৰীক,
আনন্দিত হই ক’লে ৰাণীয়ে পাছত,—
“মিলা-প্ৰীতি কৰা নাথ! নালাগে বিগ্ৰহ
গৌৰীয়া সেনাৰে স’তে আৰু অকাৰ্য্যত।”
“মিলা-প্ৰীতি কৰো প্ৰিয়ে! একো কথা নাই,”
ৰাণীলই চাই ধীৰে বুলিলে ৰজাই,
“আশঙ্কা অলপ কিন্তু হইছে মনত,
বেগম আহিব খোজে তোমাৰ কাষত।”
“কিহৰ আশঙ্কা নাথ? বহু দিনাবধি,
মোৰো ইচ্ছা আছে বৰ’ বেগম চাবৰ,
কেনেকুৱা সাজ পাৰ, কেনে পিন্ধা উৰা
তিৰুতা বোৰৰ নাথ! গউৰ দেশৰ।
কেনেকুৱা অলঙ্কাৰ পিন্ধেনো বেগমে
সাধাৰণ তিৰুতাই পিন্ধে কেনেকুৱা;
কেনেকুৱা মাত কথা, কেনুৱা ৰূপত,
চাবলই আছে আশা, চাওঁছোঁ অনোৱা।”
কুৱঁৰীৰ কথা শুনি বুলিলে ৰজাই—
“আহোক ‘বেগম’ তেনে, একো কথা নাই।
তোমাৰ যেনুৱা ইচ্ছা, যাকে ভাল পোৱা
নকৰি তেনুৱা প্ৰিয়ে! কৰিম কেনুৱা?”
ই বুলি আকউ ৰজা আহিলে ওলাই
ধীৰে ধীৰে ক’লে পুনু চুজালই চাই।
“যোৱাঁ দূত! তুমি গই কোৱা নবাবক,—
মিত্ৰ হ’লো, আহে যদি ‘বেগম’ আহক।”
পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে