পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৮
কমতাপুৰ ধ্বংস কাব্য


যদি মান্তি হয় ৰজা ক’বা ভাল কই,
তিৰুতা মানুহ মাথোঁ আহিব আমাৰ
তোমাৰ মানুহে জানো দুৰ্ঘট ঘটায়?
তেনে হলে, সিটো জানা কলঙ্ক তোমাৰ।”
এই বুলি মনে মনে থাকিলে জামাল,
নগৰৰ ফালে গ’ল চুজা ধীৰে ধীৰে,
পালেগই নগৰত কমতা ৰজাক,
অকলে অকলে থকা চ’ৰাৰ বাহিৰে।
ৰজাক চেলাম কৰি বুলিলে চুজাই,
গৌৰৰ নবাবে মোক দিছে পঠিয়াই
তোমাৰ কাষত ৰজা! মিত্ৰ ভাব কৰি,
যদি কৰা মিলাপ্ৰীতি, যাব যুদ্ধ এৰি।
শক্ৰ ভাব এৰি যদি মিত্র ভাব কৰা
আমালোক সৈন্য সেনা গুছি যাওঁ গই;
যাবৰ কালত কিন্তু ৰাণীয়ে সহিতে
বেগম চাহাবে খোজে যাব দেখাকই!
সৈন্য সেনাদিৰো অাছে বহুত তিৰুতা
সি সকলে কুঁৱৰীক খোজে চাই যাব;
অনুমতি দিলে পাৰে অাহিব সকলো,
সেয়ে হ’লে নবাবেও বৰ ভাল পাব।”
“যুদ্ধ এৰি যায় যদি নবাবে তোমাৰ”
চুজা লই চাই ধীৰে বুলিলে ৰজাই,
“গুছি যক; বাৰু তুমি ৰ’বাছোঁ অলপ;”
এই বুলি গ’ল ৰজা ভিতৰ সোমাই।