পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৭
দ্বাদশ সৰ্গ।

মাতিলে চুজাক পুনু বুলিলে জামালে,
“যোৱাঁ তুমি চুজা! পুনু ৰজাৰ কাষত,
কোৱাঁ গই মিত্ৰকৰো তেওৰে সইতে
একো কাজ নাই আৰু যুদ্ধ বিগ্ৰহত।
আৰু ক’বা ভালকই বুজাই ৰজাক,
আমালোক দেশলই গুছি যাওঁগই।
যোৱাৰ কালত কিন্তু ৰানীয়ে সইতে,
আমাৰ বেগমে যেন দেখা দেখি হয়।
ক’বা তুমি আছে বহু তিৰুতা লগত,
সি সকলে কুঁৱৰীক খোজে চাই যাব;
যদি দিয়ে অনুমতি মিত্ৰ ভাব কৰি,
তেনেহলে, নবাবেও বৰ ভাল পাব।
যোৱা তুমি, যোৱা চুজা! বেগাই তালই,
কোনোমতে নীলামক কৰিবা সন্মত,
যদি মান্তি হই তেওঁ মিত্ৰ ভাব কৰি,
দেখা হ’বলই কয় ৰানীৰ লগত,
ভাল ভাল যোদ্ধা বহু বাচি বাচি লই,
তিৰুতাৰ সাজ পাৰ পিন্ধাই দেহত
দোলাত ভৰাই দিম ভালই পঠাই,
অস্ত্ৰ শস্ত্ৰ লুকুৱাই কাপোৰ-তলত
এনে নকৰিলে চুজা। নোৱাৰি জিনিব
কমতা বাসীক আৰু কমতা সেনাক;
শক্ৰ ধ্বংসিবৰ বুদ্ধি এয়েই প্ৰধান,
এয়ে হলে পৰা হব ধৰিৰ ৰজাক।