পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১০
দ্বাদশ সৰ্গ।

সেনাপতি নিমিতালে কমতা বজাৰে
ন'হব আমাৰ ৰক্ষা, জানিবা পাছত
অত সেনা ধ্বংস পালে! যি কেইটা আছোঁ
সি কেটাৰো নষ্ট পাব প্ৰাণ অকালত!
এই বুলি যোদ্ধাজন ৰল মনে মনে,
একেষাৰে সকলোৱে দিলে তাতে ৰাই!
বহু পৰ ৰই থাকি, বুলিলে জামালে,
“মিতা য’ক তেনেহলে; একো কথা নাই!”
“আপোনাৰ স্বাৰ্থ মন্ত্ৰি! পুৰাবৰ মনে”
মন্ত্ৰীক মতাই আনি বুলিলে জামালে,
‘ছলেৰে ভুলাই আনি আমাৰ সেনাক
বহু কষ্ট বহু ক্লেশ দিলা অতকাল!
তোমাৰ কথাতে কৰি নবাবে বিশ্বাস,
আমাক পঠাই দিলে কমতা পুৰত!
তোমাৰ ছলতে মাথোঁ বহুত সেনাই
তিয়াগ কৰিলে প্ৰাণ শক্ৰৰ হাতত!
যি হব হই গ'ল! যোৱা ঘটনাৰ
নিমিত্তে নকৰোঁ মন্ত্ৰি! সঁতাপ মনত
কিন্তু মিলা-প্ৰতি তুমি দিয়া কৰোৱাই
কমতাৰ নীলাম্বৰ ৰজাৰ লগত!
শিকাই বুজাই তুমি কোনো উপায়েৰে,
ৰজাৰে সইতে দিয়া আমাক মিলাই!
নকৰো আকউ যুদ্ধ কিহল মিছাতে
নিতে নিতে যুদ্ধ কৰি? মিছা, কাজ নাই!”