সদস্য বাৰ্তা:Jyoti Chiring
বিষয় যোগ কৰকন-সম্পাদকৰ পদক
[সম্পাদনা কৰক]| হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিউৎসত আপুনি ন-সদস্য হিচাপে কম সময়ৰ ভিতৰতে যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat ০৮:২১, ২০ এপ্ৰিল ২০২৩ (IST) |
- বহুত ধন্য়বাদ । Jyoti Chiring (বাৰ্তা) ২০:২২, ২০ এপ্ৰিল ২০২৩ (IST)
জুন মাহৰ ৱিকিমিডিয়ান
[সম্পাদনা কৰক]- এই সন্মানৰ বাবে অশেষ ধন্যবাদ।
- Jyoti Chiring (বাৰ্তা) ১৮:১৭, ১ জুলাই ২০২৩ (IST)
বহল ব্যাকৰণ
[সম্পাদনা কৰক]বাইদেউ, সংশোধন কৰোঁতে ১, ২, ৩ পইণ্টবোৰত br টেগ্ দিব নালাগে, এণ্টাৰ টিপি বেলেগ পেৰেগ্ৰাফ কৰিলেই হ’ব৷ আৰু আ-কাৰ, ও-কাৰবোৰ ভালকৈ চাব৷ OCR ত ভুল থাকি যায়৷ Gitartha.bordoloi (বাৰ্তা) ১২:২৬, ২৬ জুলাই ২০২৩ (IST)
- ধন্যবাদ।নিশ্চয় গুৰুত্ব দিবলৈ চেষ্ঠা কৰিম। Jyoti Chiring (বাৰ্তা) ১৪:৫৪, ২৭ জুলাই ২০২৩ (IST)
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪
[সম্পাদনা কৰক]
প্ৰিয়
Jyoti Chiring,
আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি, ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অসমীয়া ৱিকিউৎসত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এছিয়ান এডিটাথনটোত অংশগ্ৰহণ কৰি আপুনি যি নিস্বাৰ্থ অৱদান আগবঢ়ালে তাৰ শলাগ ল'লোঁ আৰু আন্তৰিক অভিনন্দন যাচিলোঁ। এডিটাথনৰ অংশ হিচাপে একোখনকৈ কিতাপ প্ৰদানৰ কাৰ্যসূচীক সফল কৰিবৰ বাবে আপুনি তলৰ ফৰ্মখন পূৰণ কৰি সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখিলোঁ।
আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনাৰে,
JyotiPN (বাৰ্তা) ২৩:০২, ১৮ মাৰ্চ ২০২৪ (IST)
আয়োজক
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪
শ্ৰেষ্ঠ অৱদানকাৰী পদক, আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪
[সম্পাদনা কৰক]| শ্ৰেষ্ঠ অৱদানকাৰী পদক | |
| অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এছিয়ান এডিটাথনটোত অংশগ্ৰহণ কৰি আপোনাৰ ঐকান্তিক প্ৰচেষ্টাৰে ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ ৷ আশা কৰোঁ অনাগত দিনটো অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপুনি এনেদৰে অৱদান আগবঢ়াই যাব। আপোনাৰ সু-স্বাস্থ্য কামনাৰে— |
JyotiPN (বাৰ্তা) ১১:৫৮, ১৯ মাৰ্চ ২০২৪ (IST)
- মোৰ এই সামান্য় অৱদানৰ শলাগ আৰু স্বীকৃতিৰ বাবে আপোনাক/আপোনালোকক ধন্যবাদ জনালো। Jyoti Chiring (বাৰ্তা) ১৩:১৬, ২৩ মাৰ্চ ২০২৪ (IST)
ৱিকিউৎসৰ ৰূপালী-নক্ষত্ৰ পদক
[সম্পাদনা কৰক]| ৱিকিউৎসৰ ৰূপালী-নক্ষত্ৰ পদক | ||
প্ৰিয় ৱিকিসতীৰ্থ, ৱিকিউৎসত আপুনি আগবঢ়োৱা নিৰলস অৱদানৰ বাবে আপোনালৈ অসমীয়া ৱিকি সমাজৰ হৈ শলাগৰ চিন-স্বৰূপে এই পদকটি আগবঢ়ালোঁ৷ আশাকৰোঁ, আগলৈয়ো একেই সক্ৰিয়তাৰে অসমীয়া ৱিকিমিডিয়াৰ সৈতে জড়িত হৈ থাকিব৷ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷-Pranamikaadhikary (বাৰ্তা) ২৩:৪৬, ১৪ আগষ্ট ২০২৪ (IST)
মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬ত সক্ৰিয় অংশগ্ৰহণ[সম্পাদনা কৰক]নমস্কাৰ ৱিকিসতীৰ্থ ! আপুনি জানি সুখী হ'ব যে ২০২৫ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে অসমীয়া ৱিকিউৎসত অনুষ্ঠিত হোৱা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হৈছে৷ ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫-২৬ৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিউৎসত আয়োজিত এমাহজোৰা মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত সৰ্বমুঠ ৩৭ খন আপুৰুগীয়া আৰু নতুন গ্ৰন্থৰ মুদ্ৰণ সংশোধন কৰা হয়৷ গৌৰৱৰ কথা যে; অসমীয়া ৱিকিউৎসৰ ২০গৰাকী স্বেচ্ছাসেৱকে এই প্ৰতিযোগিতাত অংশ লৈ ৩,৩৯২ টা পৃষ্ঠা মুদ্ৰণ সংশোধন কৰে৷ প্ৰিয় সতীৰ্থ, মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ এই সাফল্যত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অতএব, আপুনি আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷ আশা কৰোঁ, সমনিষ্ঠা আৰু উদ্যমেৰে আপুনি ভৱিষ্যতেও অসমীয়া ৱিকিউৎসলৈ নিজৰ বহুমূলীয়া বৰঙণি আগবঢ়াই যাব৷ ধন্যবাদেৰে - Ishanjyotibora (বাৰ্তা) ১৫:১৮, ২১ জানুৱাৰী ২০২৬ (IST), সমন্বয়ক, মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬
|
চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬
[সম্পাদনা কৰক]প্ৰিয় ৱিকিসতীৰ্থ,
আন্তৰিক নমস্কাৰ গ্ৰহণ কৰিব। অহা ৮ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা 'চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬'ত আপোনাৰ অংশগ্ৰহণ নিশ্চিতিয়ে আমাক উৎসাহিত কৰিছে। আশাকৰোঁ আগন্তুক সময়ত আমি মিলি-জুলি অসমীয়া ৱিকিউৎসক বহুদূৰ আগুৱাই লৈ যাব পাৰিম। আপোনাৰ অংশগ্ৰহণ আৰু ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে কিছু যাৱতীয় তথ্য জনাৰ আগ্ৰহেৰে আমি এই ই-মেইলৰ জৰিয়তে আপোনালৈ এখন গুগুল ফৰ্ম পঠিয়াইছোঁ। অহা দুদিনৰ ভিতৰত ফৰ্মখন পূৰ কৰি আমালৈ পঠাবলৈ অনুৰোধ জনালোঁ।
লিংক: https://docs.google.com/forms/d/1C-Ne9k25rFIputNbz757hUnE5PH-gFvxicT3ftzVnVA/edit
বিনয়েৰে,
ঈশান জ্যোতি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস
আয়োজকমণ্ডলী, চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬
Last Few Days: WikiConference India 2026 Scholarship Applications
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Dear Wikimedian,
We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.
WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.
- You can find the more information and the application form at the Scholarship page here at Meta wiki
- Scholarship deadline: 15 April 2026, 11:59 PM IST
With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.
For more information and regular updates, we encourage you to visit the conference Meta page.
Warm regards,
on behalf of the WikiConference India 2026 Organising Team
This message was sent with MediaWiki message delivery (বাৰ্তা) on ০০:০০, ১২ এপ্ৰিল ২০২৬ (IST)
- I have submitted the scholarship applications for WikiConference India 2026 to day on 12th April 2026.
- thank you
- Jyoti Chiring (বাৰ্তা) ১১:৩৫, ১২ এপ্ৰিল ২০২৬ (IST)
ৱিকিউৎস মুদ্ৰণ সংশোধন মেলা, মাৰ্চ; ২০২৬
[সম্পাদনা কৰক]প্ৰিয় ৱিকিসতীৰ্থ,
ৱিকিউৎস মুদ্ৰণ সংশোধন মেলা, মাৰ্চ; ২০২৬ ত ভাগ লৈ অসমীয়া ৱিকিউৎসৰ জৰিয়তে যোৰহাট নৰ্মাল স্কুল গ্ৰন্থ প্ৰকল্পলৈ আপুনি যি অৱদান আগবঢ়ালে সেয়া কেৱল শলাগযোগ্যই নহয়, অনুকৰণীয়। আপোনাৰ এই জাতি তথা ভাষা সেৱাক আমি প্ৰণিপাত জনাইছোঁ আৰু আশা কৰিছোঁ অহা বছৰবোৰত দেশ-জাতি আৰু ভাষাৰ বাবে এইদৰে নিৰন্তৰে সেৱা আগবঢ়াই যাবলৈ আপুনি মানসিক আৰু শাৰিৰীক ভাৱে সুদৃঢ় হৈ থাকক। আন্তৰিক শুভকামনা।
নৰ্মাল স্কুল গ্ৰন্থ প্ৰকল্পৰ হৈ,

