সাহিত্য - সপ্তম ভাগ/ৰাম-লক্ষণ আৰু কৌশল্যাৰ কথোপকথন

ৱিকিউৎসৰ পৰা

[ ৩৪ ]

ৰাম-লক্ষণ আৰু কৌশল্যাৰ
কথোপকথন।

 পিতৃসত্য পালনৰ নিমিত্তে ৰামচন্দ্ৰ বনলৈ যাবলৈ ওলোৱাত কৌশল্যা দেবী আৰু লক্ষ্মণে নানা আপত্তি দেখুৱাই বেজাৰ কৰে। শোকত বিবেকহীনা মাতৃৰ বিলাপত ৰামৰ শোকা- নল জ্বলি উঠে, তথাপি তেওঁ চিত্ত স্থিৰ কৰি লক্ষ্মণক কয় :—“লক্ষ্মণ, তোমাৰ পৰাক্ৰম আৰু মোৰ প্ৰতি যেনে তোমাৰ অচলা ভক্তি তাক মই ভালদৰে জানোঁ; কিন্তু তুমি মাতৃৰ সৈতে মোৰ অভিপ্ৰায় বুজিব নোৱাৰি মোক আজি বৰ বেজাৰ দিছা। ধৰ্ম্ম, অৰ্থ আৰু কাম এই তিনিটা লৌকিক সুখৰ হেতু, কিন্তু তিনিয়োটাই ধৰ্ম্ম ফলৰ ভিতৰত থাকিহে মানুহক সুখ দিয়ে। যিবোৰ কামত ধৰ্ম্ম নাই কেৱল অৰ্থ আছে, সেইবোৰ কাম কৰিলে কেৱল আনৰ হিংসাৰ পাত্ৰ হোৱা যায়; আৰু যিবোৰ কৰ্ম্মত কেৱল কাম আছে তাক কেৱে প্ৰশংসা নকৰে। যিজনা পিতা অথচ বৃদ্ধ, গুৰু আৰু ৰজা তেওঁ যি কৰিবলৈ আদেশ কৰে, তাক কোন সাধুচৰিত লোকে নকৰি থাকিব পাৰে? এতেকে ভাই, মই পিতাৰ এই প্ৰতিজ্ঞা পালন নকৰি থাকিব নোৱাৰিম। ” পাচত কৌশল্যাৰ ফাললৈ চাই “দেবি, মানৱজীৱন অস্থায়ী, ৰাজ্যৰ নিমিত্তে মই [ ৩৫ ] মহা ফল যশ ত্যাগ কৰিব নোৱাৰোঁ। সেই কাৰণে এই ধৰ্ম্মপথৰ পৰা পিছলি তুচ্ছ পৃথিবীৰ ৰাজ্য মই নিবিচাৰোঁ।

 ৰামৰ প্ৰিয় আৰু মঙ্গলাকাঙ্ক্ষী ভাই লক্ষ্মণে ৰামৰ ৰাজ্য- হানিৰ বাবে অন্তৰত কষ্ট পাই ৰঙা পৰি উঠিল। তাকে দেখি ৰামে কলে:—“লক্ষ্মণ, তুমি ধৈৰ্য্য ধৰি শোক আৰু ৰোষ এৰাঁ; এই ঘটনাক অপমানজনক বোধ নকৰি আনন্দ চিত্তে নিৰ্দ্দোষ কাম কৰাঁ। মোৰ অভিষেকৰ নিমিতে যিবোৰ বস্তু গোটাইছে, বেগতে সেইবোৰ আঁতৰোৱাঁ। হে সৌমিত্ৰেয়, অভিষেক ভঙাৰ নিমিত্তে মাতৃদেবীৰ মন বৰ পৰিতপ্ত হৈছে, আমাৰ সেই মাতৃ মোৰ বন- গমনত যাতে শঙ্কা নকৰে, তুমি তাৰ ব্যৱস্থা কৰাঁ; কিয়নো মোৰ এনে কথা মনত নপৰে, যে কেতিয়াবা মই জ্ঞান বা অজ্ঞানত পিতৃ- মাতৃসকলৰ অপ্ৰিয় সামান্য কাম কৰিছোঁ। সত্যবাদী, সত্য প্ৰতিজ্ঞ মোৰ পিতাই পৰলোকলৈ ভয় কৰি অসত্যৰ বাবে ভয় খাইছে, তেওঁ নিৰ্ভয় হওক।

 হে শুভদৰ্শন, তুমি জানা, মাতৃসকলৰ প্ৰতি মোৰ যেনে ভক্তিৰ প্ৰভেদ নাই, কৈকেয়ীদেবীৰো নিজ সন্তান আৰু মোত স্নেহৰ তেনে তাৰতম্য নাছিল; এনে অৱস্থাত তেওঁ ৰজা দশৰথক মোৰ অভিষেক নিবৃত্তি আৰু বনগমনৰ নিমিত্তে যিবোৰ দুৰ্ব্বাক্য বুলিছে, সেইবোৰ দৈৱৰ বাহিৰে আন কেৱে কৰা বুলি মই নাভাবোঁ। কৈকেয়ীদেৱী তেনে গুণৱতী ৰাজনন্দিনী হৈ সুস্থিৰ অৱস্থাত কেনেকৈ সামান্য তিৰোতাৰদৰে স্বামীৰ আগত মই বেজাৰ পোৱা কথা কব? নিশ্চয় তেওঁত আৰু মোত দৈবে [ ৩৬ ] ঘটোৱা বিপৰ্য্যয় ঘটিছে। দৈৱ অচিন্তনীয়, তাৰ প্ৰভাৱ আঁত- ৰোৱা প্ৰাণীৰ সাধ্যাতীত। বোপা, সুখ-দুখ, ভয়-ক্ৰোধ, লোভ-অলোভ, উৎপত্তি-বিনাশ আৰু তেনেকুৱা যি আছে সেই সকলোবোৰ দৈৱৰ কাম, এইবোৰৰ বাহিৰে দৈৱক বুজাৰ আৰু উপায় নাই; এতেকে বুজিব নোৱাৰা দৈৱৰ লগত যুঁজ কৰা সম্ভৱ নহয়। উগ্ৰতপা ঋষিসকলেও দৈৱপীড়িত হৈ কাম-ক্ৰোধৰ গৰাহত পৰি ভ্ৰষ্ট হয়। কৰি থকা কাম এৰি অকস্মাৎ পূৰ্ব্বে নভবা নিচিন্তা কামত প্ৰবৃত্ত হোৱাটোৱেই দৈৱৰ কাম; এই তত্ত্বজ্ঞানেৰে মোৰ চিত্ত স্থিৰ কৰিছোঁ। লক্ষ্মণ, মোৰ ৰাজ্যনাশ হোৱা বাবে তুমি সন্তাপ নকৰিবা, কিয়নো ৰাজত্ব আৰু বনবাস কৰাৰ ভিতৰত মোৰ পক্ষে বনবাসেই মহা ফলজনক। ”

 লক্ষণে তললৈ মূৰ কৰি ৰামৰ কথাবোৰ শুনাত তেওঁৰ অন্তৰত বেজাৰ আৰু আনন্দ একে লগে উদয় হল। পাচত চকু থিয় কৰি গাঁতৰপৰা ওলোৱা সাপৰদৰে ফোঁপাব ধৰিলে— তেওঁৰ মুখ খঙাল সিংহৰদৰে জিলিকি উঠিল। পাচত ৰামৰ ফালে চাই চিঞৰি চিঞৰি হাতজোৰ কৰি কবলৈ ধৰিলে :— ধৰ্ম্মহানিৰ ভয়ত আৰু মই পিতৃ-বাক্য পালন নকৰিলে আনেও মোৰ আহি লব, তাৰ ফলত সমস্ত জগত নষ্ট হব, এনে আশঙ্কাত আপুনি বন-গমনলৈ ব্যগ্ৰ হোৱা নিতান্ত ভুল; আপুনি যেনে কথা কলে, আপোনাৰদৰে দক্ষ ক্ষত্ৰিয় শ্ৰেষ্ঠসকলে একেবাৰে ভুলত নপৰিলে জানো তেনে কথা কয়?

[ ৩৭ ]  যি দৈৱৰ কাম কৰিবৰ নিজৰ সামৰ্থ্য নাই, সকলো কৰ্ম্ম সাধনেই পুৰুষাকাৰৰ অপেক্ষা কৰে, সেই দৈৱৰ আপুনি কি মিছা প্ৰশংসা কৰিছে? হে ধৰ্ম্মাত্মন্‌, জগতৰ বহুতো যে বাহিৰত ধৰ্ম্মপৰায়ণ, ইয়াক আপুনি কিয় নুবুজে? সেই পাপাত্মা দশৰথ আৰু কৈকেয়ীলৈ আপোনাৰ কিয় পাপশঙ্কা হোৱা নাই? চাওক বাৰু, তেওঁলোকে নিজ উদ্দেশ্য সিদ্ধিৰ কাৰণে ছল কৰি বিনা দোষত আপোনাক এৰিব খুজিছে। হে ৰঘুনন্দন, যদিহে তেওঁলোকৰ পূৰ্ব্বৰেপৰা তেনে আশয় নাথাকিলহেঁতেন তেন্তে বৰ দুটা আগতে দিলেহেঁতেন। এতিয়া আপোনাক পৰিত্যাগ কৰি আনক অভিষিক্ত কৰিবলৈ উদ্যোগ কৰিছে; তাত সকলো- লোকেই বেজাৰ পাইছে। গতিকে মই তাক সহ্য কৰিবলৈ চেষ্টা নকৰাৰ বাবে মোক আপুনি ক্ষমা কৰা উচিত।

 হে মহামতি, যি ধৰ্ম্মৰপৰা আপোনাৰ বুদ্ধিৰ দ্বৈধ ভাব ঘটিছে আৰু যাৰপৰা আপোনাৰ মোহ জন্মিছে, সেই ধৰ্ম্মও মোৰ অবাঞ্ছনীয়; কিয়নো আপুনি সকলো কাম কৰিব পাৰিও কি ৰকমে কৈকেয়ীৰ মতে চলা পিতা দশৰথৰ লোকগৰ্হিত অধৰ্ম্ম বাক্য পালন কৰিব? আপুনি যে দশৰথ আৰু কৈকেয়ীৰ কপটতাৰ- পৰা হোৱা এই অভিষেক ব্যাঘাতৰূপ ভেদ বুজিব পৰা নাই আৰু তাৰ ফলতেই আজি আপোনাৰ এনে গৰ্হিত ধৰ্ম্মাসক্তি হৈছে, ইয়াক ভাবিলেই মোৰ হিয়া বেজাৰে ভৰি পৰে। এই জগতত আপোনাৰ বাহিৰে কেৱে সেই অহিতকাৰী পিতৃ- মাতৃনামধাৰী শত্ৰুবিলাকৰ অভিলাষ পূৰণৰ কথা মনলৈ নানে; [ ৩৮ ] গতিকে আপোনাৰ ধৰ্ম্মাসক্তি সকলো লোকৰ নিন্দিত, আৰু যদি দৈৱৰপৰাই পিতা-মাতাৰ বুদ্ধি তেনে হৈছে বুলি আপোনাৰ নিশ্চয় হৈছে, তথাপি সেই নিশ্চয়তাক আপুনি উপেক্ষা কৰা উচিত। কিয়নো তেনে বিৰুদ্ধকাৰী দৈৱকেই মই ভাল নাপাওঁ।

 হীনবীৰ্য্য আৰু জ্ঞানশূন্য মানুহহে দৈৱৰ অনুগামী হয়; যাৰ শৌৰ্য্য-বীৰ্য্য লোকবিখ্যাত, তেনে বীৰসকলে কেতিয়াও দৈৱৰ উপাসনা নকৰে। যি পুৰুষৰ পৌৰুষেৰে দৈৱক বাধা দিবৰ ক্ষমতা আছে, তেওঁ দৈৱৰ গুণত বিপন্ন হৈয়ো অৱসন্ন নহয়। দদা! আজি দৈৱ আৰু মানুহৰ ক্ষমতা প্ৰকাশ হব। আজি সকলোৱে দৈৱ আৰু মানুহৰ ক্ষমতা দেখা পাব। যি দৈৱৰপৰা আপোনাৰ ৰাজ্যাভিষেকৰ ব্যাঘাত ঘটিছে, আজি লোকে সেই দৈৱক মোৰ পৌৰুষেৰে নিহত হোৱা দেখিব। আজি মই পৌৰুষেৰে নিৰঙ্কুশ আৰু শৃঙ্খলা অতিক্ৰমকাৰী মদোদ্ধত হাতীৰদৰে গমন কৰা দৈৱক ওতোতই আনিম।

 হে আৰ্য্য, আজিকালিৰ কথা নকৱেঁই, আপোনাৰ সহস্ৰ বছৰ পাচত প্ৰাচীন ৰাজৰ্ষিসকলৰ আচৰণ অনুসাৰে প্ৰজাক পালন কৰিবলৈ পুত্ৰসকলৰ ওপৰত ভাৰ দি যেতিয়া আপুনি বনবাসলৈ যাব, তেতিয়াও আপোনাৰ পুত্ৰসকলেহে প্ৰজাপালন কৰিব। এই ৰাজ্যত আন কাৰো অধিকাৰ নাই।

 হে ৰাম, ৰজা দশৰথে বিবেচনা শক্তি হেৰুৱা বাবে যদি [ ৩৯ ] ৰাজ্যবিপ্লৱৰ আশঙ্কাতেই ৰাজত্ব কৰিবলৈ আপুনি অভিলাষ নকৰে, তেন্তে সেই আশঙ্কা ত্যাগ কৰক; কিয়নো সাগৰৰ তীৰ-ভূমিয়ে সাগৰ ৰক্ষা কৰাৰদৰে মই আপোনাৰ ৰাজ্য ৰক্ষা কৰিম। এই প্ৰতিজ্ঞা পালন নকৰিলে মই বীৰলোকভাগী হব নোৱাৰিম।

 মহাত্মন্‌, আপুনি মাঙ্গল্য-দ্ৰব্যেৰে অভিষিক্ত হৈ ৰাজত্ব কৰিবলৈ প্ৰস্তুত হওক, মই অকলেই পৃথিবীৰ সমস্ত মহীপালক নিবাৰণ কৰিম। মোৰ এই হাত দুখন শোভাৰ নিমিত্তে, ধনু অলঙ্কাৰৰ অৰ্থে, অসি কটিবন্ধনৰ বাবে আৰু শৰবোৰ স্তম্ভনৰ কাৰণে নহয়—শত্ৰু-নাশৰ নিমিত্তেহে মোৰ এই চতুব্বিধ বস্তু।

 হে প্ৰভু, আজি আপোনাৰ প্ৰভুত্ব স্থাপন আৰু ৰজা দশ- ৰথৰ প্ৰভুত্ব বিলোপৰ অৰ্থে মোৰ অস্ত্ৰবোৰৰ প্ৰভাৱ প্ৰকাশিত হব। হে ৰাম, আপোনাৰ অভিষেক-বিঘ্নকাৰীসকলক নিবাৰণ কৰিবলৈ সুহৃদ-পালনৰ উপযুক্ত মোৰ এই বাহু দুটাই উপযুক্ত কাম কৰিব। আজি মই আপোনাৰ কোন শত্ৰুক প্ৰাণ, যশ আৰু বান্ধৱৰপৰা বিমুক্ত কৰোঁ, আপুনি আগেয়ে তাকে মোক কওক। মই আপোনাৰ কিঙ্কৰ; কি কৰিলে ভূমণ্ডল আপো- নাৰ হাতলৈ যায়, বিনা সঙ্কোচে তাকে মোক কৰিবলৈ আদেশ কৰক। ”

 ৰামে লক্ষণৰ কথা শুনি কলে—“হে শুভদৰ্শন, পিতৃ-মাতৃৰ বাক্যমতে চলা সাধুসকলৰ আচৰিত পথ, এই কাৰণে মই তাতেই আছোঁ, তুমি ইয়াক বুজিবা।”

[ ৪০ ]  কৌশল্যা দেবীয়ে ধৰ্ম্মমতি ৰামক পিতৃ-বাক্য পালনত কৃত- নিশ্চয় দেখি কান্দোঁ কান্দোঁহৈ কলে—“হে লোকৰঞ্জন ৰাম, তুমি অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ, কুশল-ৰাজতনয়া অযোধ্যা- ৰাজমহিষী তোমাৰ জননী; তুমি দুখৰ ছাঁ দেখা নাই; কেনেকৈ ভিক্ষা বৃত্তি লৈ চলিবা?”