যি দৈৱৰ কাম কৰিবৰ নিজৰ সামৰ্থ্য নাই, সকলো কৰ্ম্ম
সাধনেই পুৰুষাকাৰৰ অপেক্ষা কৰে, সেই দৈৱৰ আপুনি কি
মিছা প্ৰশংসা কৰিছে? হে ধৰ্ম্মাত্মন্, জগতৰ বহুতো যে বাহিৰত
ধৰ্ম্মপৰায়ণ, ইয়াক আপুনি কিয় নুবুজে? সেই পাপাত্মা দশৰথ
আৰু কৈকেয়ীলৈ আপোনাৰ কিয় পাপশঙ্কা হোৱা নাই? চাওক
বাৰু, তেওঁলোকে নিজ উদ্দেশ্য সিদ্ধিৰ কাৰণে ছল কৰি বিনা
দোষত আপোনাক এৰিব খুজিছে। হে ৰঘুনন্দন, যদিহে
তেওঁলোকৰ পূৰ্ব্বৰেপৰা তেনে আশয় নাথাকিলহেঁতেন তেন্তে
বৰ দুটা আগতে দিলেহেঁতেন। এতিয়া আপোনাক পৰিত্যাগ
কৰি আনক অভিষিক্ত কৰিবলৈ উদ্যোগ কৰিছে; তাত সকলো-
লোকেই বেজাৰ পাইছে। গতিকে মই তাক সহ্য কৰিবলৈ চেষ্টা
নকৰাৰ বাবে মোক আপুনি ক্ষমা কৰা উচিত।
হে মহামতি, যি ধৰ্ম্মৰপৰা আপোনাৰ বুদ্ধিৰ দ্বৈধ ভাব ঘটিছে আৰু যাৰপৰা আপোনাৰ মোহ জন্মিছে, সেই ধৰ্ম্মও মোৰ অবাঞ্ছনীয়; কিয়নো আপুনি সকলো কাম কৰিব পাৰিও কি ৰকমে কৈকেয়ীৰ মতে চলা পিতা দশৰথৰ লোকগৰ্হিত অধৰ্ম্ম বাক্য পালন কৰিব? আপুনি যে দশৰথ আৰু কৈকেয়ীৰ কপটতাৰ- পৰা হোৱা এই অভিষেক ব্যাঘাতৰূপ ভেদ বুজিব পৰা নাই আৰু তাৰ ফলতেই আজি আপোনাৰ এনে গৰ্হিত ধৰ্ম্মাসক্তি হৈছে, ইয়াক ভাবিলেই মোৰ হিয়া বেজাৰে ভৰি পৰে। এই জগতত আপোনাৰ বাহিৰে কেৱে সেই অহিতকাৰী পিতৃ- মাতৃনামধাৰী শত্ৰুবিলাকৰ অভিলাষ পূৰণৰ কথা মনলৈ নানে;