সাহিত্য - সপ্তম ভাগ/সৌৰজগতৰ ক্ষীণ আভাস

ৱিকিউৎসৰ পৰা
[ ২৫ ]
 

সৌৰজগতৰ ক্ষীণ আভাস।

 

 আন্ধাৰ ৰাতি নীল আকাশত অগণন জ্যোতিষ্কৰ শোভা দেখিলে মনত অপাৰ আনন্দৰ উদয় হয়। ৰাশি ৰাশি উজ্জ্বল জ্যোতিষ্কপুঞ্জ হীৰাৰ ফুলৰ নিচিনাকৈ আকাশত ওলমি থকা দেখিলে মনত ভাব হয়, যেন ৩৩ কোটি দেৱতাৰ লৰা- ছোৱালীবিলাকে দীপ জ্বলাই দীপান্বিতা-উৎসৱ কৰিছে।

 কিন্তু আচালতে আকাশৰ জ্যোতিষ্কবিলাক এনেবিধৰ নহয়। জ্যোতিৰ্ব্বিদ পণ্ডিতসকলে এইবিলাকক গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ আদি কেইবাটাও ভিন্ ভিন্ শ্ৰেণীত ভাগ কৰি লৈছে। এওঁ- বিলাকৰ মতে আমাৰ সূৰ্য্যও এটি নক্ষত্ৰ। গ্ৰহ আৰু নক্ষত্ৰৰ ভিতৰত প্ৰভেদ অনেক।

 (১) নক্ষত্ৰৰ নিজৰ পোহৰ আছে, গ্ৰহৰ নিজৰ পোহৰ নাই। গ্ৰহবিলাক, যে উজ্জ্বল দেখা যায়, তাৰ কাৰণ সূৰ্য্যৰ পোহৰ হে।

 (২) গ্ৰহবিলাক নক্ষত্ৰৰ তুলনাত অনেক সৰু।

 (৩) গ্ৰহবিলাক আমাৰ ওচৰত, নক্ষত্ৰবিলাক কোটি কোটি গুণ দূৰত।

 (৪) গ্ৰহবিলাকক সাধাৰণতঃ দূৰবীক্ষণত ডাঙৰ দেখা যায়, কিন্তু নক্ষত্ৰৰ আঁকাৰ প্ৰায়েই একে থাকে। গ্ৰহ আৰু নক্ষত্ৰৰ ভিতৰত ঘাইকৈ প্ৰভেদ এই, যে গ্ৰহবিলাক সূৰ্য্যৰ চাৰিওফালে ঘূৰে আৰু উপগ্ৰহবিলাক নিজ নিজ গ্ৰহৰ চাৰিওপিনে ঘূৰে।

[ ২৬ ]  ওপৰত যি সূৰ্য্যৰ কথা উনুকিওৱা হল, সেই সূৰ্য্য অনন্ত আকাশৰ অগণিত নক্ষত্ৰৰাশিৰ এটা মাথোন। ইয়াৰ যেনেকৈ গ্ৰহ-উপগ্ৰহ আছে, সেই অগণিত নক্ষত্ৰবিলাকৰো বোধ হয় প্ৰত্যেকৰে গ্ৰহ, উপগ্ৰহ, ধূমকেতু আদি আছে। প্ৰত্যেকেই বোধ কৰোঁ, সূৰ্য্যৰ দৰে বহু গ্ৰহ-উপগ্ৰহ লৈ এক এক বিশাল ৰাজ্যৰ ৰজাৰ নিচিনা হৈ আছে। ইফালে আকৌ এই অগণিত নক্ষত্ৰবিলাকৰ ইটোসিটোৰ ভিতৰত কোটি কোটি মাইলৰ ব্যৱধান। এইবিলাকৰ পৰাই ভাব হয়, যে আকাশ কিমান বিস্তীৰ্ণ! অসীম আকাশত গ্ৰহ-নক্ষত্ৰই বা কিমান! এই কথাৰ উত্তৰ জ্যোতিৰ্ব্বিদ পণ্ডিতসকলে দিব পৰা নাই। দাৰ্শনিকো অনন্তৰ অনন্ত নামতে নিস্তব্ধ। গণিতবিদৰো এই কথাৰ উত্তৰ দিবলৈ জ্ঞান আৰু সংখ্যাৰ অভাৱ! অনন্ত আকাশৰ এই অনন্ত জ্যোতিষ্কৰাশি লৈ ভগবানৰ অনন্ত সাম্ৰাজ্য। ইয়াকে আমি বিশ্বব্ৰহ্মাণ্ড বোলোঁ।

 তথাপি হাজাৰ হাজাৰ বছৰৰ হাজাৰ হাজাৰ মনীষিসকলৰ অক্লান্ত চেষ্টাৰ ফলস্বৰূপে আমি আকাশৰ গ্ৰহনক্ষত্ৰবিলাকৰ বিষয়ে বহুত কথা জানিব পাৰিছোঁ। তলত সৌৰজগতৰ বিষয়ে মাথোন দুই চাৰিটা কথা কোৱা হল।

 সৌৰ জগতৰ উৎপত্তি
 জ্যোতিৰ্ব্বিদ পণ্ডিতসকলৰ মতে সৌৰজগতৰ সকলো জ্যোতিষ্কসমূহ আগেয়ে এটি প্ৰকাণ্ড অত্যুচ্চ বাষ্পপিণ্ড আছিল। এই বাষ্পপিণ্ড শূন্যতে ভাহি আছিল আৰু কোনো কোনো [ ২৭ ] অজানিত কাৰণে ইয়াৰ ভিতৰত কিছুমান শক্তি (Energy) নিহিত থকা হেতু প্ৰাকৃতিক নিয়মানুসাৰে ই নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিছিল। পাচত যেতিয়া তাপ বিকিৰণ কৰি ই চেঁচা হবলৈ ধৰিলে, ইয়াৰ আয়তনো ক্ৰমে কমি আহিব ধৰিলে। তেতিয়া ই প্ৰাকৃতিক নিয়ম অনুসাৰে আগতকৈ বেচি বেগেৰে ঘূৰিবলৈ ধৰিলে। ঘূৰ্ণ্যমান বিৰাট্‌ বাষ্পগোলকৰ পদাৰ্থসমষ্টিত কেন্দ্ৰৰপৰা বাহিৰৰ ফালে কেন্দ্ৰোপসাৰিণী (Centrifugal) শক্তি এটা উৎপন্ন হল। সেই শক্তি বিষুবৰেখাৰ ওচৰৰ পদাৰ্থসমষ্টিত বেচি হল। তেতিয়া বাহিৰৰ ফালে যাব খোজা পদাৰ্থসমূহ ধৰি ৰাখিবলৈ ভিতৰলৈ টনা শক্তি, অনুপাতে বেচি নোহোৱা হেতু বাষ্পগোলক যেতেকে আয়তনত কমি আহিবলৈ ধৰিলে, তেতেকে বিষুবৰেখাৰ ওচৰৰ পদাৰ্থসমষ্টি দূৰত ৰৈ আহিবলৈ ধৰিলে। এনেকৈয়ে ভিন ভিন সময়ত ভিন ভিন বাষ্পপিণ্ড বিৰাট গোলকৰপৰা বিভিন্ন হৈ ৰৈ গল। এই বাষ্পপিণ্ডবিলাকো প্ৰাকৃতিক বিধানানুসাৰে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি ঘূৰি মাধ্যাকৰ্ষণৰ বলত ওপৰত কোৱা বিৰাট্ বাষ্পগোলকৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। এই সৰু সৰু বাষ্পপিণ্ডবিলাকেই কালত তাপ বিকিৰণ কৰি চেঁচা হৈ আমাৰ সুপৰিচিত গ্ৰহশ্ৰেণীত পৰিণত হৈছে। এই গ্ৰহবিলাকৰপৰাও আকৌ আগত কোৱা নিয়মে উপগ্ৰহৰ উৎপত্তি হল। এনেকৈয়ে সৌৰ জগতৰ সকলো জ্যোতিষ্কসমূহ উৎপন্ন হল।

 ওপৰত যি জ্যোতিষ্কমণ্ডলীৰ কথা কোৱা হল, সেইবিলাক [ ২৮ ] সকলোৰে পিতৃস্থানীয়; সেই বিৰাট বাষ্পগোলকটিয়েই আমাৰ সুপৰিচিত সূৰ্য্য। আমি জানো, যে যি বস্তুত যিমান অধিক পদাৰ্থ, সেই বস্তু তপত হলে, চেঁচা হবলৈ সিমান বেচি সময় লাগে। সমান গৰম এটি পানী একলহ পানীতকৈ আগেয়ে চেঁচা হৈ যায়। কাজেই প্ৰথমে সমানে গৰম থাকিলেও বুধ, শুক্ৰ, পৃথিবী, মঙ্গল আদি গ্ৰহত পদাৰ্থ কম থকা হেতু একেবাৰে চেঁচা হৈ গৈছে, অথচ বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন আদি গ্ৰহবিলাক ডাঙৰ কাৰণে এতিয়াও গৰম হৈ আছে। ইফালে আকৌ চন্দ্ৰ বৰ সৰু হোৱা বাবে ইয়াৰ আগ্নেয়গিৰি পৰ্য্যন্ত চেঁচা হৈ মৰি গৈছে। কিন্তু সূৰ্য্য আন আন সকলো গ্ৰহ-উপগ্ৰহবিলাকতকৈ বহুত ডাঙৰ হোৱা কাৰণেই এতিয়াও অত্যন্ত গৰম আৰু তেজোময় হৈ আছে আৰু সকলো গ্ৰহ-উপগ্ৰহ বিলাকক তাপ আৰু পোহৰ দিব পাৰিছে।

 সৌৰজগতৰ সাধাৰণ বিবৰণ:—

 ওপৰত যি তেজোময় গোলকপিণ্ডৰ কথা কোৱা হল, সেই সূৰ্য্য আৰু তাৰ আকৰ্ষণৰ অধীনস্থ জ্যোতিষ্কসমূহেই সৌৰ জগৎ। সৌৰ জগতত এতিয়ালৈকে পাঁচ শৰো বেচি গ্ৰহ আবিষ্কাৰ হৈছে। ইয়াৰ ভিতৰত বুধ, শুক্ৰ, পৃথিবী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ, আৰু নেপচুন এই আঠোটাই প্ৰধান। বাকী গ্ৰহবিলাক তেনেই সৰু সৰু, কেতবিলাকৰ ব্যাস ২০ মাইলতকৈও কম। মঙ্গল আৰু বৃহস্পতিৰ কক্ষৰ মাজত ইহঁতৰ কক্ষবিলাকৰ অবস্থিতি। বুধ, শুক্ৰ, পৃথিবী, মঙ্গল, বৃহস্পতি আৰু শনি এই ছটা গ্ৰহ অতি পুৰণি কালৰেপৰা জনাজাত। ইউৰেনাচ্-নেপচুন আৰু [ ২৯ ] মঙ্গল-বৃহস্পতিৰ মাজৰ সৰু সৰু গ্ৰহবিলাক বৰ্ত্তমান যুগৰ কীৰ্ত্তি। ১৭৮১ খ্ৰীষ্টাব্দত যেতিয়া চাৰ উইলিয়াম হাৰ্চেলে দূৰবীক্ষণেৰে আকাশ পৰ্য্যবেক্ষণ কৰিব ধৰিছিল, তেতিয়া হঠাৎ এটি ডাঙৰ জ্যোতিষ্কৰ ওপৰত তেওঁৰ চকু পৰিল। তেওঁ পৰীক্ষা কৰি দেখিলে, যে ই কোনো নক্ষত্ৰ নহয়, পৃথিবীৰ নিচিনাকৈ সূৰ্য্যৰে এটি গ্ৰহ মাথোন। হাৰ্চেলৰ দ্বাৰা আবিষ্কৃত এই গ্ৰহটোৰ নামেই ইউৰেনাচ্‌।

 ইউৰেনাচ পৃথিবীতকৈ ৬৩ গুণে ডাঙৰ। ই সূৰ্য্যৰপৰা [ ৩০ ] ১৭৮ কোটি মাইল দূৰত থাকি নিজৰ কক্ষত আমাৰ প্ৰায় ৮৪ বছৰত সূৰ্য্যৰ চাৰিওপিনে এবাৰ ঘৰে।

 ইউৰেনাচ আবিষ্কৃত হোৱাৰ পাচত দেখা গল, যে গণনাৰ দ্বাৰা যি কক্ষ পোৱা যায়, ই সেই কক্ষৰপৰা বাহিৰৰ ফালে অলপ দূৰত থাকি সূৰ্য্যৰ চাৰিওফালে ঘূৰে। জ্যোতিৰ্ব্বিদ্‌ পণ্ডিতসকলে ঠিক কৰিলে, যে ই নিশ্চয় কোনো অজানিত গ্ৰহৰ দ্বাৰা আকৃষ্ট হৈ তেনে কৰিছে, নহলে নিজৰ কক্ষ এৰি সূৰ্য্যৰপৰা নিয়মিততকৈ বেচি দূৰত থাকি ঘূৰিবৰ ইয়াৰ একো কাৰণ নাই। সকলোৱে নাজানিব পাৰে, গণিতশাস্ত্ৰই জগতত কি অদ্ভুত অদ্ভুত অথচ অতি আৱশ্যকীয কামবিলাক সাধন কৰি দিছে আৰু দিব লাগিছে। যি মহতীশক্তিৰ ওপৰত নিৰ্ভৰ কৰি ব্ৰহ্মাণ্ডৰ শৃঙ্খলাবদ্ধ অৱস্থান, সেই মাধ্যাকৰ্ষণ–শক্তিৰ নিয়মাবলীও গণিতৰ দ্বাৰাই পৰিগণিত। যি জ্যোতিষশাস্ত্ৰৰ কুশলত আমি আকাশৰ গ্ৰহ-নক্ষত্ৰৰ লগত আমাৰ নগণ্য পৃথিবীৰ হীনডেঢ়ি তুলনা কৰি জগতত আমাৰ সম্বন্ধ থিৰ কৰিব পাৰিছোঁ, সেই জ্যোতিষশাস্ত্ৰৰ সম্যক্ উন্নতি কেৱল মাথোন গণিতৰ অনুগ্ৰহ- ফল। বস্তুবিজ্ঞানৰ ইমান উন্নতিও গণিতৰ সহায়ৰ কাৰণেহে হব পাৰিছে। ইউৰেনাচ্‌ৰো গতিৰ বেমেজালিৰ কাৰণ অৱশেষত গণিতেহে সিদ্ধান্ত কৰি দিলে। অজানিত গ্ৰহৰ ওজন, ইয়াৰ গতি আৰু ভ্ৰমণৰ পথ গণনা কৰা গণিতৰ কাৰ্য্য। কাজেই যি অজ্ঞাত গ্ৰহৰ দ্বাৰা আকৃষ্ট হৈ ইউৰেনাচ্‌ৰ এই বেমেজালি, গণনাৰ দ্বাৰা তাৰ স্থান আৰু ভ্ৰমণ পথ বাহিৰ কৰিব পাৰিলেই [ ৩১ ] সকলো গোলমালৰ ওৰ পৰে। কিন্তু যদিও বা এনে কোনো অজ্ঞাত গ্ৰহ থাকেই, তেনেহলেও অধ্যাপৰ বোদৰ সংস্থানৰ বিধান অনুসাৰে ইয়াৰ আনুমানিক দূৰত্ব ৩৮৮ কোটি মাইলৰ কম নহবৰ কথা। এতিয়া ভাবি চাওক সৌৰ জগতৰ সুদূৰ প্ৰান্তত থকা এই অদৃশ্য গ্ৰহটোৰ স্থান নিৰ্দ্দেশ কৰা কি ভয়ানক দুৰূহ কাম। কিন্তু ইয়াতো গণিতৰ জয় হল। ফ্ৰাঞ্চদেশৰ অমৰ পণ্ডিত লেবেৰিয়াৰে গণনাৰ দ্বাৰা এই গ্ৰহটোৰ স্থান নিৰ্দ্দেশ কৰি বালিনৰ ডাক্তৰ গালেলৈ লিখি পঠিয়ালে, যে তেওঁ যেন তেওঁৰ দূৰবীক্ষণাদিৰে সেই অদৃশ্য গ্ৰহটোক নিৰ্দিষ্ট স্থানত অনুসন্ধান কৰে। গেলে চিঠি পায়েই কৌতুহলাক্ৰান্ত হৈ নিৰ্দ্দিষ্ট স্থানত গ্ৰহৰ অনুসন্ধান আৰম্ভ কৰিলে আৰু অনেক পৰ্য্যবেক্ষণ আৰু পৰীক্ষাৰ ফলত ১৮৪৫ খ্ৰীষ্টাব্দত লেবেৰিয়াৰৰ গ্ৰহ আবিষ্কাৰ কৰি পেলালে। লেবেৰিয়াৰ এই গ্ৰহটোৰ নাম নেপচুন ৰখা হল। কোৱা বাহুল্য, যে সেই একে সময়তে ইংলণ্ডত আডাম্‌চ্ নামে পণ্ডিত এজনেও সুকীয়াভাবে গণনা কৰি সেই গ্ৰহটোৰ স্থান আৰু গতি নিৰ্দেশ কৰিছিল।

 নেপচুন পৃথিবীতকৈ ৬০ গুণে ডাঙৰ আৰু সূৰ্য্যৰপৰা ইয়াৰ কক্ষ ৩০০ কোটি মাইল দূৰত অৱস্থিত। ই আমাৰ ১৬৪ বছৰত সূৰ্য্যৰ চাৰিওপিনে এবাৰ ঘূৰে। ইউৰেনাচ আৰু নেপচুনক এৰিও ৫০০ শ মান সৰু সৰু গ্ৰহ প্ৰায় যোৱা ১০০ বছৰৰ ভিতৰতে আবিষ্কৃত হৈছে। এইবিলাকৰ আবিষ্কাৰৰ ইতিহাস বৰ কৌতূহলজনক। [ ৩২ ]  বহু পূৰণিকালৰে পৰা জ্যোতিৰ্ব্বিদ পণ্ডিতসকলৰ মনত মঙ্গল আৰু বৃহস্পতিৰ মাজৰ ব্যৱধান আন আন গ্ৰহৰ মাজৰ ব্যৱধানৰ তুলনাত বেচি বুলি অনুমিত হৈছিল। গ্ৰহবিলাকৰ দূৰত্ব সম্বন্ধে তেওঁলোকে এটা নিয়ম উলিয়াইছিল আৰু সকলো গ্ৰহৰ দূৰত্ব এই নিয়মে পোৱ দূৰত্বৰ লগত প্ৰায় মিলি যোৱা দেখা গৈছিল। কেৱল মঙ্গল আৰু বৃহস্পতিৰ মাজত যি ব্যৱধান সেইটোহে মিলা নাছিল। দুয়োৰে পৰা সমান দূৰত ইহঁতৰ মাজত যদি আৰু এটা গ্ৰহ থাকে তেনেহলে আগত কোৱা নিয়ম মতে সকলো গ্ৰহৰে দূৰত্ব মিলি যায়। এই অনুমানৰ ওপৰত নিৰ্ভৰ কৰি সুপ্ৰসিদ্ধ জ্যোতিৰ্ব্বিদ্‌ পণ্ডিত কেপ্‌লাৰে ভবিষ্যদ্বাণী কৰিলে, যে মঙ্গল আৰু বৃহস্পতিৰ মাজত এটি গ্ৰহ আছে। কালত ই জ্যোতিষীসকলৰ চকুত পৰিব। কেপ্‌লাৰৰ এই ভবিষ্যদ্বাণী বহুত দিনলৈ প্ৰমাণিত নোহোৱাকৈ আছিল। পাচত যেতিয়া ইউৰেনাচ্‌ আবিষ্কৃত হল, দেখা গল, যে ই আগৰ কোৱা নিয়ম মতে থাকিবলগা দূৰতে আছে। কেপ্‌লাৰৰ কথাৰ ওপৰত পণ্ডিতসকলৰ তেতিযা দৃঢ় বিশ্বাস হল। তেওঁলোকে সঙ্কল্প কৰিলে, যে কেপ্‌লাৰ-কথিত এই অদৃশ্য গ্ৰহটো আবিষ্কাৰ নকৰিলে নহয়। অৱশেষত ইটালীয় জ্যোতিৰ্ব্বিদ্‌ পণ্ডিত “পিয়েজি’’য়ে ১৮০১ খ্ৰীস্টাব্দত এই অজ্ঞাত গ্ৰহটো আবিষ্কাৰ কৰিলে। পণ্ডিতসকলে এই গ্ৰহটোৰ নাম চিৰিচ ৰাখিলে। চিৰিচ আবিষ্কাৰ হোৱাৰ তিনি বছৰৰ ভিতৰত (১৮০১-১৮০৪) আৰু তিনিটা গ্ৰহ, মঙ্গল আৰু বৃহস্পতিৰ মাজতে আবিষ্কৃত হল। [ ৩৩ ] তাৰ পাচত ১৮৪৫ খ্ৰীষ্টাব্দৰপৰা প্ৰায় প্ৰতি বছৰেই দুটা এটাকৈ গ্ৰহ মঙ্গল আৰু বৃহস্পতিৰ মাজত আবিষ্কৃত হৈ আছে। এই গ্ৰহবিলাকৰ কক্ষ, সূৰ্য্যৰপৰা ২২ কোটিৰপৰা ৪০ কোটি মাইলৰ ভিতৰত অৱস্থিত। পণ্ডিতসকলে অনুমান কৰে, যে এই অসংখ্য সৰু সৰু গ্ৰহবিলাক কোনো বিৰাট গ্ৰহ অজানিত কাৰণত ভাগিছিগি যোৱাত উৎপন্ন হৈছে।