সাহিত্য - সপ্তম ভাগ/সীতাৰ বনগমন বাঞ্ছা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৪১ ]

সীতাৰ বনগমন বাঞ্ছা।

সীতাৰ কাকুতি শুনি  ৰামে পুনু বুলিলন্ত
 শুন শুন জনক জীয়াৰী।
তিৰী সমে বনবাস  সুখৰ নাহিকে আশ
 শুনি হাসিবেক নৰ-নাৰী॥

ভয়ঙ্কৰ বন তাত  আছে সিংহ অসংখ্যাত
 গহ্বৰত পশি কৰে নাদ।
তই সুকোমলী নাৰী  শুনি তাক যাইবি ডৰি
 মোৰ মহা মিলিব প্ৰমাদ॥

মহামত্ত হস্তিচয়  ফুৰে যুথে যুথে তয়
 চিহঁৰণি শুনি কাম্পে প্ৰাণ।
মহিষ বৰাহ বাঘ  আছে বৰ বৰ নাগ
 দৰশনে হৰে শ্ৰুতিজ্ঞান॥

[ ৪২ ]

জোঁক পোক মশ ডাঁস  দেখি তই হৈবি ত্ৰাস
 স্বভাৱে ডৰুক তিৰীজাতি।
ফল-মূল বিনে আন ভোজন নাহিক তাত
 কিমতে সহিবি দুখ আতি॥

ৰত্নময় মন্দিৰত  চলন্তে শোণিত ঝৰে
 দেখোঁ তোৰ চৰণৰ ভাৱ।
অৰুণ কমল পাৱ কুশময় কণ্টকত
 কিমতে কাঢ়িবি তই পাৱ॥

নেত তুলি কমলীত সদায়ে শয়ন কৰ
 কেনে শুইবি তৃণৰ শয্যাত।
বোলোঁ তোক প্ৰাণেশ্বৰী  পতিব্ৰতা ধৰ্ম্ম ধৰি
 ঘৰে থাকি ভজিও আমাত॥

সীতায়ে বোলন্ত প্ৰভু  আত মোৰ ভয় নাই
 প্ৰাণ মোৰ আছে তযু পাৱে।
সিংহ, বাঘ, হস্তী, নাগ ওচৰকো নাসিবেক
 পলাইবেক তোমাৰ প্ৰভাৱে॥

নাম মাত্ৰ শুনি যাৰ দূৰ হোৱে যম-কাল
 আন কোন ক্ষুদ্ৰ হয় ভয়।
হেন প্ৰভু ৰাম তুমি  তোমাৰ মহিষী আমি
 কিঞ্চিতেকো নকৰোঁ সংশয়॥

[ ৪৩ ]

যেবে তুমি নেনা সঙ্গে  বোলোঁ তবে সাঙ্গে সঙ্গে
 জীৱনত নাহি মোৰ ফল।
দাৰুণ গৰল খাই  মৰিবোহোঁ এহি ঠাই
 চিন্তি তযু চৰণকমল॥

এহি বুলি মহাশান্তী  কান্দিবাক লাগিলন্তি
 শ্ৰীৰামৰ চৰণত পৰি।
সীতাৰ দেখিয়া দুখ  ৰামৰো মলিন মুখ
 আশ্বাসি তুলিলা কোলে ধৰি।