সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম-লক্ষণ আৰু কৌশল্যাৰ
কথোপকথন।

 পিতৃসত্য পালনৰ নিমিত্তে ৰামচন্দ্ৰ বনলৈ যাবলৈ ওলোৱাত কৌশল্যা দেবী আৰু লক্ষ্মণে নানা আপত্তি দেখুৱাই বেজাৰ কৰে। শোকত বিবেকহীনা মাতৃৰ বিলাপত ৰামৰ শোকা- নল জ্বলি উঠে, তথাপি তেওঁ চিত্ত স্থিৰ কৰি লক্ষ্মণক কয় :—“লক্ষ্মণ, তোমাৰ পৰাক্ৰম আৰু মোৰ প্ৰতি যেনে তোমাৰ অচলা ভক্তি তাক মই ভালদৰে জানোঁ; কিন্তু তুমি মাতৃৰ সৈতে মোৰ অভিপ্ৰায় বুজিব নোৱাৰি মোক আজি বৰ বেজাৰ দিছা। ধৰ্ম্ম, অৰ্থ আৰু কাম এই তিনিটা লৌকিক সুখৰ হেতু, কিন্তু তিনিয়োটাই ধৰ্ম্ম ফলৰ ভিতৰত থাকিহে মানুহক সুখ দিয়ে। যিবোৰ কামত ধৰ্ম্ম নাই কেৱল অৰ্থ আছে, সেইবোৰ কাম কৰিলে কেৱল আনৰ হিংসাৰ পাত্ৰ হোৱা যায়; আৰু যিবোৰ কৰ্ম্মত কেৱল কাম আছে তাক কেৱে প্ৰশংসা নকৰে। যিজনা পিতা অথচ বৃদ্ধ, গুৰু আৰু ৰজা তেওঁ যি কৰিবলৈ আদেশ কৰে, তাক কোন সাধুচৰিত লোকে নকৰি থাকিব পাৰে? এতেকে ভাই, মই পিতাৰ এই প্ৰতিজ্ঞা পালন নকৰি থাকিব নোৱাৰিম। ” পাচত কৌশল্যাৰ ফাললৈ চাই “দেবি, মানৱজীৱন অস্থায়ী, ৰাজ্যৰ নিমিত্তে মই