পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-লক্ষ্মণ আৰু কৌশল্যাৰ কথোপকথন


মহা ফল যশ ত্যাগ কৰিব নোৱাৰোঁ। সেই কাৰণে এই ধৰ্ম্মপথৰ পৰা পিছলি তুচ্ছ পৃথিবীৰ ৰাজ্য মই নিবিচাৰোঁ।

 ৰামৰ প্ৰিয় আৰু মঙ্গলাকাঙ্ক্ষী ভাই লক্ষ্মণে ৰামৰ ৰাজ্য- হানিৰ বাবে অন্তৰত কষ্ট পাই ৰঙা পৰি উঠিল। তাকে দেখি ৰামে কলে:—“লক্ষ্মণ, তুমি ধৈৰ্য্য ধৰি শোক আৰু ৰোষ এৰাঁ; এই ঘটনাক অপমানজনক বোধ নকৰি আনন্দ চিত্তে নিৰ্দ্দোষ কাম কৰাঁ। মোৰ অভিষেকৰ নিমিতে যিবোৰ বস্তু গোটাইছে, বেগতে সেইবোৰ আঁতৰোৱাঁ। হে সৌমিত্ৰেয়, অভিষেক ভঙাৰ নিমিত্তে মাতৃদেবীৰ মন বৰ পৰিতপ্ত হৈছে, আমাৰ সেই মাতৃ মোৰ বন- গমনত যাতে শঙ্কা নকৰে, তুমি তাৰ ব্যৱস্থা কৰাঁ; কিয়নো মোৰ এনে কথা মনত নপৰে, যে কেতিয়াবা মই জ্ঞান বা অজ্ঞানত পিতৃ- মাতৃসকলৰ অপ্ৰিয় সামান্য কাম কৰিছোঁ। সত্যবাদী, সত্য প্ৰতিজ্ঞ মোৰ পিতাই পৰলোকলৈ ভয় কৰি অসত্যৰ বাবে ভয় খাইছে, তেওঁ নিৰ্ভয় হওক।

 হে শুভদৰ্শন, তুমি জানা, মাতৃসকলৰ প্ৰতি মোৰ যেনে ভক্তিৰ প্ৰভেদ নাই, কৈকেয়ীদেবীৰো নিজ সন্তান আৰু মোত স্নেহৰ তেনে তাৰতম্য নাছিল; এনে অৱস্থাত তেওঁ ৰজা দশৰথক মোৰ অভিষেক নিবৃত্তি আৰু বনগমনৰ নিমিত্তে যিবোৰ দুৰ্ব্বাক্য বুলিছে, সেইবোৰ দৈৱৰ বাহিৰে আন কেৱে কৰা বুলি মই নাভাবোঁ। কৈকেয়ীদেৱী তেনে গুণৱতী ৰাজনন্দিনী হৈ সুস্থিৰ অৱস্থাত কেনেকৈ সামান্য তিৰোতাৰদৰে স্বামীৰ আগত মই বেজাৰ পোৱা কথা কব? নিশ্চয় তেওঁত আৰু মোত দৈবে