পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাহিত্য

ঘটোৱা বিপৰ্য্যয় ঘটিছে। দৈৱ অচিন্তনীয়, তাৰ প্ৰভাৱ আঁত- ৰোৱা প্ৰাণীৰ সাধ্যাতীত। বোপা, সুখ-দুখ, ভয়-ক্ৰোধ, লোভ-অলোভ, উৎপত্তি-বিনাশ আৰু তেনেকুৱা যি আছে সেই সকলোবোৰ দৈৱৰ কাম, এইবোৰৰ বাহিৰে দৈৱক বুজাৰ আৰু উপায় নাই; এতেকে বুজিব নোৱাৰা দৈৱৰ লগত যুঁজ কৰা সম্ভৱ নহয়। উগ্ৰতপা ঋষিসকলেও দৈৱপীড়িত হৈ কাম-ক্ৰোধৰ গৰাহত পৰি ভ্ৰষ্ট হয়। কৰি থকা কাম এৰি অকস্মাৎ পূৰ্ব্বে নভবা নিচিন্তা কামত প্ৰবৃত্ত হোৱাটোৱেই দৈৱৰ কাম; এই তত্ত্বজ্ঞানেৰে মোৰ চিত্ত স্থিৰ কৰিছোঁ। লক্ষ্মণ, মোৰ ৰাজ্যনাশ হোৱা বাবে তুমি সন্তাপ নকৰিবা, কিয়নো ৰাজত্ব আৰু বনবাস কৰাৰ ভিতৰত মোৰ পক্ষে বনবাসেই মহা ফলজনক। ”

 লক্ষণে তললৈ মূৰ কৰি ৰামৰ কথাবোৰ শুনাত তেওঁৰ অন্তৰত বেজাৰ আৰু আনন্দ একে লগে উদয় হল। পাচত চকু থিয় কৰি গাঁতৰপৰা ওলোৱা সাপৰদৰে ফোঁপাব ধৰিলে— তেওঁৰ মুখ খঙাল সিংহৰদৰে জিলিকি উঠিল। পাচত ৰামৰ ফালে চাই চিঞৰি চিঞৰি হাতজোৰ কৰি কবলৈ ধৰিলে :— ধৰ্ম্মহানিৰ ভয়ত আৰু মই পিতৃ-বাক্য পালন নকৰিলে আনেও মোৰ আহি লব, তাৰ ফলত সমস্ত জগত নষ্ট হব, এনে আশঙ্কাত আপুনি বন-গমনলৈ ব্যগ্ৰ হোৱা নিতান্ত ভুল; আপুনি যেনে কথা কলে, আপোনাৰদৰে দক্ষ ক্ষত্ৰিয় শ্ৰেষ্ঠসকলে একেবাৰে ভুলত নপৰিলে জানো তেনে কথা কয়?