পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সৌৰ জগতৰ ক্ষীণ আভাস

তাৰ পাচত ১৮৪৫ খ্ৰীষ্টাব্দৰপৰা প্ৰায় প্ৰতি বছৰেই দুটা এটাকৈ গ্ৰহ মঙ্গল আৰু বৃহস্পতিৰ মাজত আবিষ্কৃত হৈ আছে। এই গ্ৰহবিলাকৰ কক্ষ, সূৰ্য্যৰপৰা ২২ কোটিৰপৰা ৪০ কোটি মাইলৰ ভিতৰত অৱস্থিত। পণ্ডিতসকলে অনুমান কৰে, যে এই অসংখ্য সৰু সৰু গ্ৰহবিলাক কোনো বিৰাট গ্ৰহ অজানিত কাৰণত ভাগিছিগি যোৱাত উৎপন্ন হৈছে।

 
 
স—৩