পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সৌৰজগতৰ ক্ষীণ আভাস

মঙ্গল-বৃহস্পতিৰ মাজৰ সৰু সৰু গ্ৰহবিলাক বৰ্ত্তমান যুগৰ কীৰ্ত্তি। ১৭৮১ খ্ৰীষ্টাব্দত যেতিয়া চাৰ উইলিয়াম হাৰ্চেলে দূৰবীক্ষণেৰে আকাশ পৰ্য্যবেক্ষণ কৰিব ধৰিছিল, তেতিয়া হঠাৎ এটি ডাঙৰ জ্যোতিষ্কৰ ওপৰত তেওঁৰ চকু পৰিল। তেওঁ পৰীক্ষা কৰি দেখিলে, যে ই কোনো নক্ষত্ৰ নহয়, পৃথিবীৰ নিচিনাকৈ সূৰ্য্যৰে এটি গ্ৰহ মাথোন। হাৰ্চেলৰ দ্বাৰা আবিষ্কৃত এই গ্ৰহটোৰ নামেই ইউৰেনাচ্‌।

 ইউৰেনাচ পৃথিবীতকৈ ৬৩ গুণে ডাঙৰ। ই সূৰ্য্যৰপৰা