পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাহিত্য


১৭৮ কোটি মাইল দূৰত থাকি নিজৰ কক্ষত আমাৰ প্ৰায় ৮৪ বছৰত সূৰ্য্যৰ চাৰিওপিনে এবাৰ ঘৰে।

 ইউৰেনাচ আবিষ্কৃত হোৱাৰ পাচত দেখা গল, যে গণনাৰ দ্বাৰা যি কক্ষ পোৱা যায়, ই সেই কক্ষৰপৰা বাহিৰৰ ফালে অলপ দূৰত থাকি সূৰ্য্যৰ চাৰিওফালে ঘূৰে। জ্যোতিৰ্ব্বিদ্‌ পণ্ডিতসকলে ঠিক কৰিলে, যে ই নিশ্চয় কোনো অজানিত গ্ৰহৰ দ্বাৰা আকৃষ্ট হৈ তেনে কৰিছে, নহলে নিজৰ কক্ষ এৰি সূৰ্য্যৰপৰা নিয়মিততকৈ বেচি দূৰত থাকি ঘূৰিবৰ ইয়াৰ একো কাৰণ নাই। সকলোৱে নাজানিব পাৰে, গণিতশাস্ত্ৰই জগতত কি অদ্ভুত অদ্ভুত অথচ অতি আৱশ্যকীয কামবিলাক সাধন কৰি দিছে আৰু দিব লাগিছে। যি মহতীশক্তিৰ ওপৰত নিৰ্ভৰ কৰি ব্ৰহ্মাণ্ডৰ শৃঙ্খলাবদ্ধ অৱস্থান, সেই মাধ্যাকৰ্ষণ–শক্তিৰ নিয়মাবলীও গণিতৰ দ্বাৰাই পৰিগণিত। যি জ্যোতিষশাস্ত্ৰৰ কুশলত আমি আকাশৰ গ্ৰহ-নক্ষত্ৰৰ লগত আমাৰ নগণ্য পৃথিবীৰ হীনডেঢ়ি তুলনা কৰি জগতত আমাৰ সম্বন্ধ থিৰ কৰিব পাৰিছোঁ, সেই জ্যোতিষশাস্ত্ৰৰ সম্যক্ উন্নতি কেৱল মাথোন গণিতৰ অনুগ্ৰহ- ফল। বস্তুবিজ্ঞানৰ ইমান উন্নতিও গণিতৰ সহায়ৰ কাৰণেহে হব পাৰিছে। ইউৰেনাচ্‌ৰো গতিৰ বেমেজালিৰ কাৰণ অৱশেষত গণিতেহে সিদ্ধান্ত কৰি দিলে। অজানিত গ্ৰহৰ ওজন, ইয়াৰ গতি আৰু ভ্ৰমণৰ পথ গণনা কৰা গণিতৰ কাৰ্য্য। কাজেই যি অজ্ঞাত গ্ৰহৰ দ্বাৰা আকৃষ্ট হৈ ইউৰেনাচ্‌ৰ এই বেমেজালি, গণনাৰ দ্বাৰা তাৰ স্থান আৰু ভ্ৰমণ পথ বাহিৰ কৰিব পাৰিলেই