পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাহিত্য


 ওপৰত যি সূৰ্য্যৰ কথা উনুকিওৱা হল, সেই সূৰ্য্য অনন্ত আকাশৰ অগণিত নক্ষত্ৰৰাশিৰ এটা মাথোন। ইয়াৰ যেনেকৈ গ্ৰহ-উপগ্ৰহ আছে, সেই অগণিত নক্ষত্ৰবিলাকৰো বোধ হয় প্ৰত্যেকৰে গ্ৰহ, উপগ্ৰহ, ধূমকেতু আদি আছে। প্ৰত্যেকেই বোধ কৰোঁ, সূৰ্য্যৰ দৰে বহু গ্ৰহ-উপগ্ৰহ লৈ এক এক বিশাল ৰাজ্যৰ ৰজাৰ নিচিনা হৈ আছে। ইফালে আকৌ এই অগণিত নক্ষত্ৰবিলাকৰ ইটোসিটোৰ ভিতৰত কোটি কোটি মাইলৰ ব্যৱধান। এইবিলাকৰ পৰাই ভাব হয়, যে আকাশ কিমান বিস্তীৰ্ণ! অসীম আকাশত গ্ৰহ-নক্ষত্ৰই বা কিমান! এই কথাৰ উত্তৰ জ্যোতিৰ্ব্বিদ পণ্ডিতসকলে দিব পৰা নাই। দাৰ্শনিকো অনন্তৰ অনন্ত নামতে নিস্তব্ধ। গণিতবিদৰো এই কথাৰ উত্তৰ দিবলৈ জ্ঞান আৰু সংখ্যাৰ অভাৱ! অনন্ত আকাশৰ এই অনন্ত জ্যোতিষ্কৰাশি লৈ ভগবানৰ অনন্ত সাম্ৰাজ্য। ইয়াকে আমি বিশ্বব্ৰহ্মাণ্ড বোলোঁ।

 তথাপি হাজাৰ হাজাৰ বছৰৰ হাজাৰ হাজাৰ মনীষিসকলৰ অক্লান্ত চেষ্টাৰ ফলস্বৰূপে আমি আকাশৰ গ্ৰহনক্ষত্ৰবিলাকৰ বিষয়ে বহুত কথা জানিব পাৰিছোঁ। তলত সৌৰজগতৰ বিষয়ে মাথোন দুই চাৰিটা কথা কোৱা হল।

 সৌৰ জগতৰ উৎপত্তি
 জ্যোতিৰ্ব্বিদ পণ্ডিতসকলৰ মতে সৌৰজগতৰ সকলো জ্যোতিষ্কসমূহ আগেয়ে এটি প্ৰকাণ্ড অত্যুচ্চ বাষ্পপিণ্ড আছিল। এই বাষ্পপিণ্ড শূন্যতে ভাহি আছিল আৰু কোনো কোনো